বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ গুৰগ্ৰামৰ কোম্পানীত চিবিআইৰ অভিযান

WhatsApp Image 2022 08 24 at 3.35.02 PM

বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন হোৱাৰ পিছৰে পৰা জনতা দল ইউনাইটেডৰ নতুন পাৰ্টনাৰ আৰজেদিৰ একাংশ নেতা,মন্ত্ৰী- বিধায়কৰ বিৰুদ্ধে তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও তদন্তকাৰী সংস্থাই ৷ এনে ঘটনাক্ৰমৰ মাজতে আজি হাৰিয়ানাৰ গুৰুগ্ৰাম জিলাৰ ৭১নং ছেক্টৰত অৱস্থিত এটা মলত অভিযান চলাই চিবিআইৰ দলে। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ কাৰ্যালয় থকা এই মলটোত আজি পুৱাৰে পৰা মাৰাথন অভিযান অব্যাহত ৰাখিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সন্থাটোৱে ।

‘চাকৰিৰ সলনি মাটি’ৰ নিযুক্তি সম্পৰ্কীয় গোচৰ সন্দৰ্ভত চলাইছে এই অভিযান।আনহাতে চিবিআইয়ে একেসময়তে আজি বিহাৰত আৰ জে ডি পাঁচনেতা সহ দুজন ৰাজ্যসভাৰ সদস্য আৰু এজন দলীয় বিধায়ক তথা আৰ জেডিৰ বিত্ত সম্পাদকৰ বাসগৃহ-বিত্তীয় প্ৰতিষ্ঠান সহ ২৪টা স্থানতো অভিযান চলায়।
উল্লেখ্য যে লালু প্ৰসাদৰ পৰিয়ালত এইয়া তৃতীয়বাৰৰ বাবে চিবিআইৰ অভিযান। মনকৰিবলগীয়া যে লালু প্ৰসাদ যাদৱ ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়ত একাংশ চাকৰি প্ৰাৰ্থীৰ পৰা চাকৰিৰ বিনিময়ত মাটি লোৱাৰ অভিযোগ উদ্থাপিত হৈছিল৷চিবিআইয়ে তদন্ত কৰাৰ পিছতে লালু প্ৰসাদ যাদৱ,তেওঁৰ পত্নী প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱী দুই জীয়ৰী হেমা যাদৱ আৰু মিছা যাদৱ সহ একাংশ ৰে’ল চাকৰি প্ৰাৰ্থীৰ বিৰুদ্ধে ৰজু কৰিছে গোচৰ ৷

Exit mobile version