২০২২ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা,শিশু সাহিত্য সৃষ্টি “ডাঙৰ মানুহৰ সাধু” ৰচনাৰ বাবে দিগন্ত ওজাই লাভ কৰিছে সাহিত্য অকাডেমি শিশু সাহিত্য পুৰস্কাৰ ২০২২

WhatsApp Image 2022 08 24 at 8.08.55 PM

 আজি নিউ দিল্লীত সাহিত্য অকাডেমি কাৰ্যনিৰ্বাহক সভাত ঘোষণা হ’ল এই বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰা লেখক-লেখিকা সকলৰ নাম । সাহিত্য অকিডেমিৰ চেয়াৰপাৰ্চন তথা সভাপতি ড° চন্দ্ৰশেখৰ কামবাৰে এক সংবাদমেল যোগে এই শিতানৰ বাবে মুঠ ২২ গৰাকী লেখক -লেখিকাক এই সাহিত্য অকাডেমি সাহিত্য বঁটা আগবঢ়োৱা কথা জানিবলৈ দিয়ে । জুৰি সদস্য সকলৰ নিৰ্বাচনৰ যোগেদি নিৰ্বাচিত হোৱা সাহিত্য অকাডেমি বাল সাহিত্য পুৰস্কাৰ ২০২২ ৰ বঁটাত এইবাৰ পাঞ্জাৱী ভাষাৰ সাহিত্যই স্থান লাভ নকৰিলে । বিপৰীতে অসমীয়া ভাষাৰ শিশু সাহিত্য সৃষ্টি “ডাঙৰ মানুহৰ সাধু” ৰচনাৰ বাবে দিগন্ত ওজাই লাভ কৰিছে সাহিত্য অকাডেমি শিশু সাহিত্য পুৰস্কাৰ ২০২২ ।

ADVERTISEMENT

একেদৰে বড়ো ভাষাত “লংৱানি বখালি গথৌ ” উপন্যাসৰ বাবে দেৱৰ ৰামচিয়াৰিয়ে লাভ কৰিছে সাহিত্য অকিডেমিৰ শিশু সাহিত্য পুৰস্কাৰ ২০২২ । একেদৰে অসমীয়া ভাষালৈ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ ২০২২ ৰ বাবে যুৱ লেখক প্ৰদ্যুম্ন কুমাৰ গগৈয়ে লাভ কৰিছে এই সন্মান । লেখকজনৰ “চকী আৰু অন্যান্য গল্প” শীৰ্ষক গল্প সংকলনৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে । একেদৰে বড়ো ভাষাৰ অন্য এক গল্প সংকলন ” গেং ফুজানাই মাছে দাও” ৰ বাবে বড়ো যুৱ লেখক আলংবাৰ মুছাহাৰীয়ে লাভ কৰিছে এই সন্মান ।

Exit mobile version