কাৰ্বি আংলংৰ দেইথৰত নৱগঠিত উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান , অভিযানত গুলীবিদ্ধ সংগঠনটোৰ স্বয়ম্ভূ অধ্যক্ষ

WhatsApp Image 2022 08 24 at 6.41.31 PM

কাৰ্বি আংলংত ইটোৰ পাছত সিটোকৈ নৱগঠিত উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে চলোৱা আৰক্ষীৰ অভিযানে পাৰ্বত্য জিলাখনৰ পৰা যে উগ্ৰপন্থী সমস্যা নিৰ্মূল হোৱা নাই সেয়া পৰিলক্ষিত হৈছে ৷ আজি কিছু দিনৰ আগতে আৰক্ষীয়ে জিলাখনত নতুনকৈ ভূমিষ্ঠ হোৱা কাৰ্বি ইউনাইটেড লিবাৰেচন আৰ্মীৰ সদস্যৰ বিৰুদ্ধে অভিযান চলোৱাৰ পাছত মঙ্গলবাৰ আৰু বুধবাৰে বোকাজান মহকুমাৰ দেইথৰ থানাৰ অন্তৰ্গত দেইথৰত অভিযান চলায় আন এটা নৱগঠিত উগ্ৰপন্থী সংগঠন নেচনেল চচিয়েলিষ্ট কাউঞ্চিল ফৰ কাৰ্বি লংৰি চমুকৈ এন.এছ.চি.কে ৰ বিৰুদ্ধে ৷ এই অভিযান কালত আৰক্ষীৰে হোৱা সংঘৰ্ষত সংগঠনটোৰ স্বয়ম্ভূ অধ্যক্ষ পৱিত্ৰ শইকীয়া গুলীবিদ্ধ হয় ৷ আহত অধ্যক্ষ গৰাকীৰ ঘৰ দেইথৰৰ বাপুৰাম ছিংনাৰ গাৱঁত ৷

ইয়াৰ উপৰিও আৰক্ষীৰ হাতত আটক হয় সংগঠনটোৰ দুই সদস্য ক্ৰমে ডিফুৰ পঞ্চায়ত কলনিৰ ৰাহুল টকবি আৰু দেইথৰ ছাৰ্থে ইংতি গাঁৱৰ ডেভিদ ইংতি ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা একৈশ ৰাউণ্ড গুলীসহ তিনিটা পিষ্টল উদ্ধাৰ কৰে ৷ আনহাতে গুৰুতৰভাবে আহত অধ্যক্ষ পৱিত্ৰ শইকীয়াক ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷

Exit mobile version