আশাহত হৈ শিক্ষকে বন্ধ কৰিলে অসম পুলিচ বেটেলিয়ন হাইস্কুল

IMG 20220824 WA0035

১৯৯২তে প্ৰতিষ্ঠিত এখন বিদ্যালয়ত সুদীৰ্ঘ ৩০ বছৰ বিনাবেতনে শিক্ষকতা কৰি বৰ্তমান প্ৰাদেশীকৰণৰ আশা বাদ দি বিদ্যালয় বন্ধ কৰি দিয়াৰ দৰে কঠোৰ সিদ্ধান্তত উপনীত হৈছে শিক্ষকসকল । বিদ্যালয়খন দেৰগাঁৱৰ । দেৰগাঁওস্থিত একাদশ আৰক্ষী বাহিনীৰ চৌহদত তদানীন্তন অধিনায়ক ভৱদত্ত শৰ্মাৰ তৎপৰতাত অসম পুলিচ মধ্য ইংৰাজী বিদ্যালয়খন উন্নীতকৰণ কৰি প্ৰতিষ্ঠা কৰা হৈছিল অসম পুলিচ বেটেলিয়ন হাইস্কুল ।

শিক্ষাবিদ নবীন চন্দ্ৰ শৰ্মা ক প্ৰধান শিক্ষক আৰু মেধাৰ ভিত্তিত বাছনি কৰি শিক্ষক নিযুক্তি দি আৰম্ভ কৰা বিদ্যালয়খনে চৰকাৰৰ গৃহবিভাগৰ পৰা আবন্টন পাই ১৯৯৬ত চৰকাৰী অনুমতি লাভ কৰিছিল । আৰক্ষী বাহিনীৰ পৃষ্ঠপোষকতাত ভ্ৰাম্যমাণ থিয়েটাৰ, সংগীতানুষ্ঠান আদিৰ জৰিয়তে অশেষ কষ্টৰে সংগৃহীত অৰ্থৰে আটোম টোকাৰীকৈ বিদ্যালয় গৃহ নিৰ্মাণ কৰাৰ লগতে শিক্ষকসকলক ন্যূনতম পাৰিতোষিক দি চলাই থকা বিদ্যালয় খনে সফলতাৰ মুখ দেখিবলৈয়ো সক্ষম হৈছিল । ২০০৬তে চৰকাৰী স্বীকৃতি লাভ কৰি প্ৰাদেশীকৰণৰ উপযুক্ত হৈ উঠা বিদ্যালয়খনে দুটা বছৰৰ বাবে চৰকাৰৰ আৰ্থিক সাহায্য‌ও লাভ কৰে ।

২০১৩ত চৰকাৰে গৃহীত কৰা আইন অনুযায়ী স্বীকৃতিৰ পৰা ১০ বছৰ হ’ব লগা চৰ্ত পূৰণ নোহোৱাত অন্য চৰ্ত সকলো সম্পূৰ্ণ কৰিও বিদ্যালয়খন চৰকাৰীকৰণৰ পৰা বাদ পৰে ।পৰৱৰ্তীসময়ত চৰকাৰী আইন সংশোধন হোৱাত ২০১৫ত প্ৰাদেশীকৰণৰ যোগ্য বিদ্যালয়ৰ তালিকাত চৰকাৰী ৱেৱচাইটত এই বিদ্যালয়ৰ নাম থকাত বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষকসকলো আনন্দিত হৈ পৰিছিল যদিও দুৰ্ভাগ্যজনকভাৱে চৰকাৰে মহাবিদ্যালয়সমূহৰ বাদে বিদ্যালয়সমূহ প্ৰাদেশীকৰণ নকৰিলে ।

ইতিমধ্যে দুই এজন শিক্ষকে অৱসৰেই ল’লে ।কে’বাজনো শিক্ষক, কৰ্মচাৰীয়ে উপাৰ্জনৰ অন্য পথ ল’বলৈ বাধ্য হ’ল ।২০১৭-২০২০লৈ প্ৰধান শিক্ষকসহ তিনিজন শিক্ষকে পাঠদান চলাই থাকে যদিও সমস্যাই জটিল ৰূপ পালে । তিনিগৰাকী অতিথি শিক্ষক আনিও বিদ্যালয়খন চলাই থকাৰ প্ৰচেষ্টা চলোৱা সময়তে কৰ’না মহামাৰীৰ ভয়াবহতাই বিদ্যালয়খন অচল কৰি তোলে । যাৰ বাবে আলোচনাৰ মাধ্যমেৰে ২০২০লৈ পাঠদান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক ২০২১ৰ শিক্ষান্ত পৰীক্ষাত বহাৰ ব্যৱস্থা কৰি দশমলৈ উত্তীৰ্ণ ছয়জনৰ ব্যৱস্থা সম্পৰ্কত বিদ্যালয় পৰিদৰ্শকক আবেদন জনোৱাত পৰিদৰ্শকগৰাকীয়ে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে পৰামৰ্শ দি সেই বিদ্যালয়ৰ অধ্যক্ষক মৌখিক নিৰ্দেশ দিয়ে যদিও অধ্যক্ষজনে পাছত নামভৰ্তিত অপাৰগতা প্ৰকাশ কৰে ।

এনে পৰিপ্ৰেক্ষিতত অসম পুলিচ বেটেলিয়ন হাইস্কুলৰ প্ৰধান শিক্ষকৰ দ্বাৰাই পঞ্জীয়ন সলনি কৰাৰ দায়িত্ব লোৱাৰ চুক্তিত ছয়জন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি দেৱগ্ৰাম বালিকা বিদ্যালয়ত হৈ যায় । ইয়াৰে পাঁচজনেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । কিন্তু পৰিতাপৰ বিষয় যে, ২০২২ৰ মেট্ৰিক পৰীক্ষাত এই বিদ্যালয়ৰ পাঁচজন শিক্ষাৰ্থীয়ে দেৱগ্ৰাম বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ নিশ্চিত তথ্যৰ পাছতো দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে নিজৰ বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল আশানুৰূপ নোহোৱাত সমালোচিত হৈ আত্মপক্ষ সমৰ্থনৰ বাবে একাংশ ৱেৱ পৰ্টেলত মিথ্যাচাৰৰ আশ্ৰয় লৈ বন্ধ হৈ যোৱা বিদ্যালয়খনলৈ দোষ জাপি দিয়ে ।

বন্ধ হৈ পৰা বিদ্যালয়খনৰ ২০ জনকৈ ছাত্ৰ-ছাত্ৰীক তেঁওৰ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ দিয়া আৰু সেই ২০ জনেই অনুতীৰ্ণ হোৱাতহে দেৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফলাফল আশানুৰূপ নোহোৱা বুলি অধ্যক্ষজনে প’ৰ্টেল নিউজত মিথ্যাচাৰৰ আশ্ৰয় লোৱাত পুলিচ বেটেলিয়ন হাইস্কুলৰ পৰিয়ালটোৱে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । অতি নিষ্ঠাৰে সুদীৰ্ঘ কাল বিনাবেতনে সেৱা আগবঢ়াই শেষত বিদ্যালয় বন্ধ কৰিবলৈ বাধ্য হৈ হতাশগ্ৰস্ত হৈ পৰা শিক্ষকসকল তথা প্ৰাদেশীকৰণৰ পৰা বঞ্চিত বিদ্যালয়খনক এগৰাকী অধ্যক্ষই মিছা অপবাদ দিয়া কাৰ্যই দেৰগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখযোগ্য যে, চৰকাৰীকৰণৰ পৰা বঞ্চিত বিদ্যালয়খন বৰ্তমান সমৰ কলা, কম্পিউটাৰ শিক্ষা আদিৰ প্ৰশিক্ষণ কেন্দ্ৰৰূপে ব্যৱহৃত হৈ আছে । সম্প্ৰতি বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় ভৱনটো এটি উচ্চমানৰ পুথিভঁৰালৰূপে গঢ়ি তুলিবলৈ সিদ্ধান্ত লৈছে । এনে পৰিপ্ৰেক্ষিতত ইয়াৰ শিক্ষকসকল বৰ্তমান কৰ্মহীন হৈ পৰিছে ।

Exit mobile version