মহানগৰীৰ নিয়োগ বিনিময় কেন্দ্ৰৰ সন্মুখত অসম তৃণমূল যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ: চৰকাৰক নিজৰ নিজৰ ডিগ্ৰীৰ প্ৰমাণপত্ৰ ঘূৰাই দিলে তৃণমূলৰ শ শ যুৱক-যুৱতীয়ে

WhatsApp Image 2022 08 25 at 4.33.08 PM

নিবনুৱা সমস্যা সমাধানত অসম চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদ অসম তৃণমূল যুৱ কংগ্ৰেছৰ। দলীয় যুৱ নেতা-কৰ্মীসকলে মহানগৰীৰ ৰিহাবাৰীস্থ নিয়োগ বিনিময় কেন্দ্ৰৰ সন্মুখত হাতে হাতে নিজৰ নিজৰ ডিগ্ৰীৰ প্ৰমাণপত্ৰ সমূহ লৈ প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে। ৩০ লাখ নিবনুৱাৰ চাকৰি যোগ্য নিবনুৱাক যিহেতু চৰকাৰে কোনো সংস্থাপন দিবলৈ সক্ষম হোৱা নাই, সেয়ে প্ৰমাণপত্ৰসমূহ চৰকাৰক ওভোতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই মন্তব্য কৰে।’আজি চৰকাৰে মাত্ৰ ৩০ হাজাৰক চাকৰি দি বা: বা: ল’ব বিচাৰিছে। কিন্তু ড° হিমন্ত বিশ্ব শৰ্মাই জনা উচিত যে অসমত আছে ৩০ লাখ নিবনুৱাই আজি মূৰে কপালে হাত হাত দি আছে। প্ৰতিশ্ৰুতি আছিল বছৰি ২ লাখকৈ চাকৰি দিয়াৰ। কিন্তু কৰিছে কি? তেন্তে আমাৰ ডিগ্ৰীৰ প্ৰমাণপত্ৰসমূহ আমাৰ লগত থকাৰ কি অৰ্থ? সেয়ে আজি ওভোভাই দিবলৈ আহিছো,’ সভাপতি দত্তই কয়।

অসম তৃণমূল যুৱ কংগ্ৰেছৰ এই প্ৰতিবাদে অসমৰ নিবনুৱাসকলৰ দুৰ্দশাৰ ছবিখন দাঙি ধৰা বুলি উল্লেখ কৰি ই ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ দিশটো উদঙাই দিয়া বুলি মন্তব্য কৰে। সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত বিজেপি চৰকাৰৰ আমোলত সংস্থাপন বুচাৰি হাবাথুৰি খোৱা যুৱ প্ৰজন্মই দিকবিদিক হেৰুৱাবলগীয়া হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে।

ৰাজ্যৰ ভিন্ন জিলাৰ পৰা অহা অসম তৃণমূল যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰী কৰ্মীসকলক অসম আৰক্ষীয়ে বলপূৰ্বক আটক কৰি চচলত থকা ধৰ্ণাস্থলীত কেইবাঘণ্টা ধৰি আৱদ্ধ কৰি ৰাখে। অসম আৰক্ষীয়ে এক গণতান্ত্ৰিক প্ৰতিবাদক অগণতান্ত্ৰিক দমন নীতিৰে স্তব্ধ কৰিবলৈ দলীয় সতীৰ্থৰ ওপৰত জপিয়াই পৰি ঠেলিয়াই, গতিয়াই বলপূৰ্বক গ্ৰেপ্তাৰ কৰা কাৰ্যৰ তীব্ৰ গৰিহণা দিয়ে সভাপতি ৰিপুণ বৰাই।ভাল কাম কৰিব নোৱাৰা চৰকাৰখনৰ নিজৰ স্বৰূপ অসমবাসীৰ সন্মুখত অসম তৃণমূলে উদঙাই দিয়াত এইদৰে আৰক্ষী বাহিনী মেলি দমনমূলক নীতিৰে কণ্ঠৰোধ কৰিবলৈ কৰা চেষ্টা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে সভাপতি বৰাই।

Exit mobile version