বৰঝাৰৰ লোকপ্ৰিয় গোপীন বৰদলৈ এয়াৰপৰ্টত সৰ্প আতংক

বিমানবন্দৰ কৰ্মীক সাপে কৰিলে দংশন

Screenshot 413

বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত অঘটন। বিমানবন্দৰৰ এৰাইভেলত লাগেজ বেল্টৰ ওচৰত কৰ্মৰত অৱস্থাত থকা মন্টু বৈশ্য নামৰ বিমানবন্দৰৰ কৰ্মচাৰী এজনক বিশাক্ত সৰ্পই দংশন কৰে ৷ আঘাতপ্ৰাপ্ত বিমানকৰ্মী জনক ততাতৈয়াকৈ আজাৰৰ প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদি উন্নত চিকিৎসাৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় ৷

ইপিনে সাপৰ সন্ধানত বিমানবন্দৰত অভিযান চলাই বহু সময়ৰ পিছত সাপটো উদ্ধাৰ কৰি গুৱাহাটী চিৰিয়াখানাত চমজাই দিয়ে বিমানবন্দৰ কতৃৰ্পক্ষই ৷

Exit mobile version