হাৰিয়ানাত ৰহস্যজনক হত্যাকাণ্ড !

নিজ পিতৃ- মাতৃ, পত্নীসহ দুই কনমাণিক হত্যা, পিছত নিজেও চিপলৈ আত্মহত্যা যুৱকৰ

WhatsApp Image 2022 08 26 at 3.13.32 PM

হাৰিয়ানাৰ আম্বালা জিলাত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ জিলাখনৰ বুলানা গাঁৱত বৃহস্পতিবাৰে নিশা ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয় একে পৰিয়ালৰ ছয়জনলোকৰ ৷ পিছত আজি পুৱাতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰিছে আৰম্ভ কৰিছে যদিও মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্তমানো স্পষ্ট হোৱা নাই। আৰক্ষীয়ে মৃতদেহকেইটা জিন্মাত লৈ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰে।

আৰক্ষীয়ে জানিব দিয়া মতে, সুখীন্দৰ সিং(৩৪) নামৰ যুৱক জনৰ কনিষ্ঠ জীয়ৰী পাঁচবছৰীয়া আসুৰ আছিল জন্মদিন ৷ সেই অনুসৰি পৰিয়ালৰ আটাইয়ে আনন্দ ফুৰ্টিৰে বাৰ্থডে পাৰ্টি কৰি নিশাৰ আহাৰ গ্ৰহণ কৰাৰ অন্তত শুই পৰে। কিন্তু আজি পুৱা বিচনাৰ পৰা উঠা নাছিল কোনো এজনেই। পিচত প্ৰতিবেশীলোকে আৰক্ষীৰ সহযোগত শুই থকা অৱস্থাত উদ্ধাৰ কৰে মৃতদেহ পাঁচটা ৷ আনহাতে সুখবিন্দৰ সিং নামৰ যুৱকজনক আন এটা কোঠাত চিপলৈ উলমি থকা অৱস্থাত উদ্ধাৰ কৰে ৷

আম্বালা জিলা উপ-আৰক্ষী অধীক্ষক যোগীন্দৰ শৰ্মাই সদৰি কৰা মতে যমুনানগৰৰ মটৰ চাইকেল কোম্পানী এটাত কৰ্মৰত পৰিয়ালটোৰ বিবাহিত সুখবিন্দৰ সিঙে নিজ বৃদ্ধ পিতৃ সংগতৰাম সিং(৬৫), মহিন্দ্ৰা কৌৰ(৫৪), পত্নী ৰীনা কৌৰ(২৮)আৰু দুই কণমানি জেশী(৭)আৰু আশু(৫) হত্যা কৰি পিছতে নিজে চিপ লৈ আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈচে ৷প্ৰাৰম্ভিক তদন্তৰ অন্তত আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইতি ঘটনা সন্দৰ্ভত চুবুৰীয়া কেইজনমানক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে ৷

Exit mobile version