ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ তিনিগুণ বৃদ্ধি পাব 

assam park twitter 1630550317

এশিঙীয়া গড় আৰু ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণস্থলী বিশ্ব পৰ্যটক আকৰ্ষণৰ অন্যতম কেন্দ্ৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ তিনিগুণ বৃদ্ধি পাব ।

অসমৰ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগে ২৫ আগষ্টত প্ৰকাশ কৰা এফ আৰ ডব্লিউ ১৪/২০০৪/৬৪ নম্বৰ অধিসূচনা যোগে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰু ঠেলামৰা ৰাজহ চক্ৰৰ লগতে দৰঙৰ দলগাঁও ৰাজহ চক্ৰ অঞ্চলৰ মুঠ ২০০.৩২ বৰ্গ কিলোমিটাৰ অঞ্চল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনৰূপে ঘোষণা কৰিছে ।

এই লৈ এতিয়া প্ৰকৃতিপ্ৰেমী সকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছে । এই অধিসূচনা অনুসৰি বৰ্তমান উদ্যানখন ৭৮.৮২ বৰ্গ কিলোমিটাৰৰ পৰিৱৰ্তে মুঠ ২৯৯.১৪ বৰ্গ কিলোমিটাৰলৈ অৰ্থাৎ তিনিগুণ বৃদ্ধি পালে ।

Exit mobile version