কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙৰ হোষ্টেলত উত্তপ্ত পৰিস্থিতি

WhatsApp Image 2022 08 28 at 8.49.25 PM

বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ জয়পুৰস্থিত ছেম কলেজ অৱ নাৰ্ছিঙত শনিবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অভিভাৱক সকলকো দুৰ্ব্যৱহাৰৰ অভিযোগ হোষ্টেল কৰ্তৃপক্ষৰ বিৰুদ্ধে । ফলত হোষ্টেল এৰি সা-সামগ্ৰী লৈ যাবলৈ সাজু হৈছে প্ৰায় অৰ্ধ শতাধিক হোষ্টেলৰ আৱাসী ছাত্ৰী ৷ কাৰ্বিআংলং,ওদালগুৰি,বাগছা আদি বিভিন্ন জিলাৰ পৰা এটা সপোন লৈ ছেম কলেজ অৱ নাৰ্ছিং কলেজত অধ্যয়ন কৰিব আহে বহু ছাত্ৰী ৷

উল্লেখযোগ্য যে, প্ৰতিষ্ঠানটোৱে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা স্বীকৃত বুলি জনাইছিল ৷ কিন্তু পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানটো অসম নাৰ্ছিং কাউন্সিলৰ দ্বাৰাহে স্বীকৃতি পোৱা বুলি জানিব পাৰি ছাত্ৰী সকল ক্ষোভিত হৈ পৰে ৷ অকল ইমানেই নহয় হোষ্টেলৰ আৱাসী ছাত্ৰী সকলক সময়মতে খাদ্য যোগান নধৰা,পানী যোগান নিদিয়া আদি বিভিন্ন ধকণৰ অভিযোগ উত্থাপিত হৈছে ৷

ইফালে ঘটনা সন্দৰ্ভত সুধিবলৈ অহা অভিভাৱকসকলকো প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । কেৱল কোকৰাঝাৰতেই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ বহু সন্দেহজনক প্ৰতিষ্ঠান গঢ় লৈ পৰিলক্ষিত হৈছে যদিও এই ঘটনাৰ পিছত চৰকাৰ-প্ৰশাসনে এনেবোৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হব।

Exit mobile version