ভাৰত-পাকিস্তানৰ খেল চোৱাত নিষেধাজ্ঞা জম্মু -কাশ্মীৰ এন আই টি

WhatsApp Image 2022 08 28 at 6.43.31 PM

কালিৰে পৰা আৰম্ভ হোৱা এছিয়া কাপ ক্ৰিকেটত আজি মুখামুখি হ’ব দুটা চিৰবৈৰী দল ইণ্ডিয়া-পাকিস্তান । এই খেলখন উপভোগ কৰিবলৈ সকলো ৰোমাঞ্চিত হৈ থকাৰ সময়তে জম্মু-কাশ্মীৰৰ নেশ্যনেল ইন্সিষ্টিটিউট অৱ টেকনলজি চমুকৈ এন আই টিয়ে এই দুয়ো দেশৰ খেল চোৱাত নিষেধাজ্ঞা জাৰি কৰিছে । প্ৰতিষ্ঠানটোৱে জাৰি কৰা নিৰ্দেশ অনুযায়ী প্ৰতিষ্ঠানটোৰ কোনো ছাত্র-ছাত্ৰীয়ে ভাৰত-পাকিস্তানৰ খেল উপভোগ কৰিব নোৱাৰিব ।

দল বান্ধি একেলগে চাব নোৱাৰিব ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেল আৰু যদিহে কোনোৱে এই খেল উপভোগ কৰে , তেন্তে পাঁচ হাজাৰ টকা পৰ্যন্ত জৰিমণা ভৰিব লাগিব । ইয়াৰোপৰি খেল সম্বন্ধীয় কোনো পষ্ট ছ’চিয়েল মিডিয়াত দিব নোৱাৰিব লগতে খেল চলি থকা সময়ছোৱাত সকলো ছাত্র-ছাত্ৰী নিজৰ ৰূমতে থাকিব লাগিব । অন্যথা কঠোৰ শাস্তি প্ৰদান কৰিব প্ৰতিষ্ঠানটোৱে ।

Exit mobile version