জগত গুৰুৰ বন্দনাৰে মুখৰ কোচবিহাৰৰ মধুপুৰ সত্ৰ

বৰ্ণাঢ্য কাৰ্যসূচীৰে শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

WhatsApp Image 2022 08 29 at 7.17.51 PM

বাংলাদেশত গুৰুজনাৰ আদৰ্শ প্ৰচাৰৰ প্ৰয়াস মধুপুৰ সত্ৰ সমিতিৰ

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থস্থান কোচবিহাৰৰ মধুপুৰ সত্ৰক কেন্দ্ৰ কৰি সমগ্ৰ পশ্চিমবংগত মহাপুৰুষগৰাকীৰ একশৰণ নামধৰ্মৰ অনুৰাগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰা প্ৰক্ৰিয়াই অসমীয়া কৃষ্টি-সংস্কৃতি জগতসভা লৈ যোৱাৰ মহাপুৰুষজনাৰ সপোন সাকাৰ ৰূপ পাবলৈ সক্ষম হৈছে। গুৰুজনাৰ বৈষ্ণৱ আদৰ্শ গুৰু বন্দনা নাম-প্ৰসংগ,বৰগীত,সত্ৰীয়া নৃত্যৰ চৰ্চাৰ মাজেৰে সমগ্ৰ উত্তৰবংগতেই মহাপুৰুষ শঙ্কৰদেৱৰ উপৰিও মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে বংগৰ একাংশ বৈষ্ণৱ ধৰ্মৰ বিশ্বাসীলোকে নিৰলখ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰে অংশ হিচাপে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ইহলীলা সম্বৰণ কৰা মধুপুৰ সত্ৰত আজি মহাপুৰুষজনাৰ ৪৫৪সংখ্যক তিৰোভাৱ তিথি দিনজোৰা কাৰ্যসূচীৰে বৰ্ণাঢ্য ৰূপত পালন কৰা হয়। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে মধুপুৰ সত্ৰৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত জনায় যে পবিত্ৰ তিথিৰ লগত সংগতি ৰাখি সত্ৰ সমিতিৰ স্থানীয় তদাৰক সমিতিৰ উদ্যোগত পুৱা প্ৰভাতফেৰীৰে তিৰোভাৱ তিথিৰ শুভাৰম্ভ কৰা হয় ।

ইয়াৰ পিছত সত্ৰৰ কীৰ্তনঘৰত ভাগৱৎ পাঠ,নাম প্ৰসংগ, নাগৰা নাম অনুষ্ঠিত হয়। আবেলি অনুষ্ঠিত হোৱা আইসকলৰ নামেৰে তিৰোভাৱ তিথিৰ সামৰণি মৰা হয়। এই কাৰ্যসূচীত সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত, ডেকাসত্ৰাধিকাৰ পীতাম্বৰ ভকত, তদাৰক সমিতিৰ সম্পাদক ড⁰ কেশৱ দাসৰ উপৰিও উত্তৰবংগৰ বিভিন্ন সত্ৰ আৰু নামঘৰৰ শতাধিক ভকত-বৈষ্ণৱে অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ কিছু সংখ্যক লোকে অংশ লয়। বিবৃতিটোত প্ৰচাৰ সম্পাদক যুগান্ত বায়নে আৰু জনোৱা মতে ক্ৰমাগতভাৱে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো সাম্প্ৰতিক সময়ত মহাপুৰুষ শঙ্কৰদেৱৰ অনুগামীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে মহাপুৰুষে প্ৰৱৰ্তন কৰা একশৰণ নামধৰ্মৰ সংৰক্ষণ কৰাৰ কাৰণে বিভিন্ন গ্ৰন্থ আদি প্ৰকাশ কৰিছে।

এই গ্ৰন্থসমূহৰ জৰিয়তে অসমৰ লগত সংযোগিত হৈ থকা বাংলাদেশত বসবাস কৰা লোকসকলৰ মাজত মহাপুৰুষজনাৰ অমূল্য সৃষ্টিৰাজিক বিয়পাই দিয়াৰ প্ৰচেষ্টা চলি আছে। এনে প্ৰচেষ্টা অধিক উৎসাহিত আৰু সংগঠিত ৰূপত উপস্থাপন কৰাৰ লক্ষ্য আগত ৰাখি মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত বাংলাদেশত মহাপুৰুষ দুজনাৰ কৰ্মৰাজিৰ ওপৰত এক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু সত্ৰীয়া সংস্কৃতি সন্মিলন অনুষ্ঠিত কৰাৰ এক আঁচনি গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত ইতিমধ্যে সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ তৎপৰতাত বাংলাদেশৰ শঙ্কৰদেৱ ফাউণ্ডেচনকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকৰ লগত পাৰম্ভিক আলাপ-আলোচনা চলাই থকা হৈছে। মধুপুৰ সত্ৰ সমিতিয়ে এই ক্ষেত্ৰত অসম চৰকাৰৰ সক্ৰীয় সহযোগ কামনা কৰাৰ লগতে অসমৰ ভক্তপ্ৰাণ ৰাইজৰো সহায়-সহযোগ আৰু পৰামৰ্শ বিচাৰিছে।

Exit mobile version