টীয়কৰ কৃষি পথাৰত চিৰাল ফাট, শুকাইছে সেউজীয়া ধাননী পথাৰ, ফুলদানিত পৰিণত জলসিঞ্চন আঁচনি

12

যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ বৃহৎ অঞ্চলৰ খেতি পথাৰ এতিয়া খৰাঙৰ কবলত। খৰাঙৰ ফলত পথাৰ সমূহ চিৰাল ফাট দিয়াৰ লগতে সেউজীয়া ধাননীত চলিছে চৰহা পোকৰ তাণ্ডৱ। কোনোফালে যেন নিস্তাৰ নাই চহা কৃষকৰ। ৰাজ্যৰ বিভিন্ন স্থানত বানে কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰি থৈ যোৱাৰ পাছত যি দুই এডৰা ধান খেতি কৰি কৃষকসকলে সপোন দেখিছিল সেয়াও এতিয়া নি:শেষ হোৱাৰ পথত। চৰকাৰৰ এটা বিয়াগোম কৃষি বিভাগ আছে যদিও আহৰি নাই চহা কৃষকৰ দূৰৱস্থাৰ বুজ ল’বলৈ। আনহাতে টীয়কৰ বহু ঠাইত জলসিঞ্চন আঁচনি আছে যদিও খেতি পথাৰত এটোপা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে কৃষকসকল।

সমষ্টিটোৰ অন্তৰ্গত বহু কেইটা জলসিঞ্চন আঁচনিৰ ভিতৰত অন্যতম এটা আমতল বহতীয়া জলসিঞ্চন আঁচনি। আঁচনিখনৰ অন্তৰ্গত অঞ্চলটোৰ কৃষকসকলৰ খেতি পথাৰত এতিয়া চিৰাল ফাট। ধানে গেৰ ধৰাৰ সমাগত সময়ত পথাৰখনত শ শ বিঘা কৃষিভূমি চৰহা পোকে এফালৰ পৰা খাই তহলিং কৰাৰ পৰিণতিত কৃষকে মুৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ পাছতো কাণসাৰ নাই বিয়াগোম কৃষি বিভাগৰ। ইপিনে ৰাজ্যৰ জলসিঞ্চন বিভাগে পথাৰত পানী যোগানৰ বাবে স্থাপন কৰা পানীযোগান আচনিসমূহো এতিয়া ফুলদানিৰ দৰেহে হৈ পৰিছে। সেয়ে এই ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ কৃষি বিভাগক আহ্বান জনাইছে কৃষকসকলে।

Exit mobile version