ঢেকিয়াজুলিৰ বৃহৎ অঞ্চল ভয়ংকৰ খৰাঙৰ কবলত

পথাৰত ছিৰাল ফাট, শুকাইছে সেউজীয়া ধান খেতি

IMG 20220828 170043

ফুটুকাৰ ফেন জলসিঞ্চন আঁচনি : দিক্‌বিদিক হেৰুৱাইছে বহু কৃষক

 

ৰাজ্যৰ প্ৰান্তে- প্ৰান্তে ভয়ংকৰ খৰাং পৰিস্থিতি ৷ শুকাইছে খেতি পথাৰ ৷ বৰষুণৰ অপেক্ষাত কৃষক ৰাইজ ৷ খৰাঙৰ বাবে ধান খেতি বিনষ্ট হোৱাত শ শ কৃষক ৰাইজে মূৰে-কপালে হাত দিব লগা অৱস্থা হৈছে ৷ সমান্তৰালকৈ ঢেকিয়াজুলিৰ কে’বাটাও অঞ্চল অনাবৃষ্টি আৰু খৰাঙৰ কবলত পৰিছে ৷ খৰাঙৰ ফলত ধাননি পথাৰত ছিৰাল ফাট মেলিছে ৷ বৰষুণৰ অভাৱত বিঘাই বিঘাই ধান খেতিত ছিৰাল ফাট ৷ সেউজীয়া হোৱা ধাননি খৰাঙত ৰঙচুৱা হৈ পৰিছে ৷

ঢেকিয়াজুলিৰ হুগ্ৰাজুলি, পাচনৈ, ৰৌমাৰী, প্ৰজাপথাৰ, খুটাপুতা, পতালিখোৱা, কঠলুডুব, নাহৰবাৰী, বৰডুবী,‌ ভেৰগাওঁ, চপাই বালিগাওঁ,‌ পানবাৰী, মিছামাৰীৰ ভেৰভেৰি, জীয়াগাভৰু, নাহৰনী, আদিকে ধৰি কে’বাটাও অঞ্চলত ভয়ংকৰ খৰাঙৰ কবলত পৰিছে ৷

উল্লেখ্য যে কঠীয়া ৰোৱাৰ পাছতেই ধাননি পথাৰ সেউজীয়া হোৱাৰ পাছতেই খৰাং পৰিস্থিতিয়ে দেখা দিয়াত বিঘাই বিঘাই মাটিত ফাট মেলিছে ৷ ইয়াৰ উপৰিও বহু ঠাইত পানীৰ অভাৱত মাটি ছন পৰি ৰ’ল এইবাৰ ৷ ইপিনে মূৰৰ ঘাম মাটিত পেলাই অঞ্চলটোৰ কৃষকসকলে ঋণ-ধাৰ লৈ ধান খেতি কৰি খৰাং পৰিস্থিতিৰ ফলত মূৰে-কপালে হাত দিবলগীয়া হোৱাৰ পাছতো কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ ধান খেতি কৰি খৰাঙৰ বাবে ছিৰাল ফাট মেলাত দিক্‌বিদিক হেৰুৱাইছে কৃষকসকলে

ভয়ংকৰ খৰাং পৰিস্থিতিৰ বাবে অঞ্চলটোৰ কৃষকসকলে এতিয়া হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে ৷ কৃষকসকলক সকাহ দিবলৈ কৃষি বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব ৷ ইপিনে পাচনৈ গাঁৱত জলসিঞ্চন আঁচনিৰ কাষতেই পথাৰত ছিৰাল ফাট ৷ অস্তিত্বহীন হৈ পৰিছে জলসিঞ্চন আঁচনি ৷ এই সন্দৰ্ভত পাচনৈ গাঁৱৰ কৃষক দিব্যজ্যোতি নাথে কয় যে চৰকাৰে জলসিঞ্চনৰ সুব্যৱস্থা কথা কৈছে যদিও অঞ্চলটোত বহু পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই ৷ যাৰ ফলত বৰষুণৰ পানীৰ অপেক্ষা কৰিবলগীয়া হয় প্ৰতি বছৰে ৷

ইয়াত এটা জলসিঞ্চন আঁচনি আছে যদিও উক্ত আঁচনিখনৰ সা-সামগ্ৰী চুৰি হোৱাত আঁচনিখন সম্প্ৰতি বিকল হৈ পৰিছে ৷ আনফালে ৰাসয়নিক সাৰৰ মূল্য বৃদ্ধি, পেট্ৰ’ল ডিজেল আদিৰ মূল্য বৃদ্ধিৰ তাৰ মাজতে তেওঁলোকে ধান খেতি কৰি খৰাঙৰ বাবে মাটি ফাট মেলাত চিন্তিত কৰিছে তেওঁলোক ৷

ভয়ংকৰ খৰাং পৰিস্থিতিয়ে কৃষকসকলে এতিয়া হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে ৷ কৃষকসকলক সকাহ দিবলৈ কৃষি বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব ৷

Exit mobile version