নগাঁও জিলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন

WhatsApp Image 2022 08 29 at 1.35.55 PM

নগাঁও: অসমীয়া জাতিৰ প্ৰানপ্ৰতিস্থাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰোভাৱ তিথি উপলক্ষে ৰাজ্য খনৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ সকলোবোৰ সত্ৰ,নামঘৰ, দৌল আদিৰ লগতে মহাপুৰুষ জনাৰ পৱিত্ৰ জন্ম স্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানতো ঐতিহ্য আৰু পৰম্পৰা অনুসৰি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে।

ইয়াৰ উপৰিও জিলাখনৰ শিক্ষানুষ্ঠান সমূহতো এই তিৰোভাৱ তিথি উদযাপন কৰা পৰিলক্ষিত হৈছে। মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি উপলক্ষে আজি পুৱাৰ ভাগতে নগাঁও চহৰৰ অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠতো দিনজোৰা কাৰ্যসূচীৰ পাতনি মেলে।

বিদ্যালয়খনৰ কণ কণ শিক্ষাৰ্থী সকলে মহাপুৰুষ গৰাকীৰ অমৰ সৃষ্টি খোল প্ৰসঙ্গেৰে আৰম্ভ কৰি ভোৰ তাল নৃত্য,ঘোষা পাঠ আদি ভক্তি ৰসেৰে বিদ্যালয় খনৰ চৌহদ মুখৰিত কৰি তোলে।

Exit mobile version