ৰাজ্যৰ বন বিভাগক লজ্জিত কৰা এক নিৰ্লজ ঘটনা সংঘটিত হৈছে । তেজপুৰ বন বিভাগৰ ৰেঞ্জাৰ অজিত গগৈয়ে সংঘটিত কৰিছে এই কাণ্ড । ঘটনা অনুসৰি যোৱা জুন মাহৰ ২০ তাৰিখে দিপলোঙা ৰেঞ্জৰ অন্তৰ্গত টৌ ভঙা দলঙৰ ওপৰত AS 12cc 0386 নম্বৰৰ এখন বলেৰ’ পিক আপ বাহন কাঠ কঢ়িয়াই অনা অৱস্থাত তেজপুৰ বনবিভাগে জব্দ কৰিছিল । ইয়াৰপিছত কাঠৰ গৰাকীৰ পৰা এক লাখ টকা দাবী কৰিছিল যদিও ৭০ হাজাৰ টকাত মান্তি হৈছিল ধৃত ৰেঞ্জাৰজন । ইয়াৰে ৫৪ হাজাৰ টকা বাহনখনৰ গৰাকীয়ে আদায় দিয়ে যদিও বাকী থকা ১৬ হাজাৰ টকাৰ বিনিময়ত লম্পট ৰেঞ্জাৰে দুটাকৈ ম’বাইল ফোন ৰাখি থৈছিল যদিও বাকী থকা ১৬ হাজাৰ টকা দি ম’বাইল ফোন দুটা উদ্ধাৰ কৰে । কিন্তু বলেৰ’ পিক আপ বাহনখন এৰি দিবলৈ অমান্তি হোৱা ৰেঞ্জাৰে আব্দুল মালেক নামৰ চালকজনৰ পত্নী ৰহিমা বেগমক ফোন যোগে বাহনখন এৰি দিয়াৰ বিনিময়ত দুনিশা যাপনৰ প্ৰস্তাৱ আগবঢ়ায় । ইতিমধ্যে লম্পট ৰেঞ্জাৰৰ সকলো কথা ফোন ৰেকৰ্ডিং কৰি ৰখা দম্পত্তীহালে স্থানীয় লোকক সকলো কথা অৱগত কৰে । লগে লগে খঙত খৰ্গহস্ত হৈ পৰে একাংশ লোক । ইয়াৰপিছতে দিপলোঙা ৰেঞ্জৰ ৰেঞ্জাৰ অজিত গগৈৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে চালকজনৰ পত্নীয়ে । উক্ত এজাহাৰৰ ভিত্তিতেই আজি আৰক্ষীয়ে লম্পট ৰেঞ্জাৰজনক আটক কৰে ।
বন বিষয়াৰ নিৰ্লজ কাণ্ড ,জব্দকৃত বাহনৰ চালকক দিলে অশ্লীল প্ৰস্তাৱ
-
By publisher

ADVERTISEMENT
- Categories: Assam, India, News
- Tags: forest officer"s brazenactobscene proposal given to driver of seized vehicle
Related Content
শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা!
By
publisher
May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
By
publisher
May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
By
publisher
May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ'ব'
By
publisher
May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
By
publisher
May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
By
publisher
May 11, 2025