Horlicks হৰলিকছৰ পেকেটত মৃত প‌ইতাচোঁৰা , খাদ্য সুৰক্ষা আদালতত এজাহাৰ দাখিল

IMG 20220829 WA0093

হিন্দুস্থান ইউনিলিভাৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ দ্বাৰা প্ৰস্তুত কৰা হৰলিকছৰ পেকেটত উদ্ধাৰ মৃত প‌ইটাচোঁৰা । মাতৃ আৰু খাদ্য পুষ্টিৰ নামত চৰম হেতালি খেলা কোম্পানীটোৰ বিৰুদ্ধে ধেমাজি জিলা খাদ্য সুৰক্ষা ফ’ৰামত এজাহাৰ দাখিল অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা গোটে । উল্লেখ্য, হিন্দুস্থান ইউনিলিভাৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ দ্বাৰা প্ৰস্তুত কৰা ‘মাডাৰচ প্লাছ হৰলিক্স’ কিনিবলৈ গৈ বিপাঙত পৰে ধেমাজিৰ এগৰাকী গ্ৰাহক। কাৰণ মাডাৰ্চ প্লাছ হৰলিক্সৰ পেকেটৰ ভিতৰত ওলাই মৃত পইতাচোঁৰা।

ধেমাজি তিনিআলিৰ স্থিত গংগা ফাৰ্মাছিচ নামৰ এখন ঔষধৰ দোকোনৰ পৰা এজন গ্ৰাহকে ক্ৰয় কৰিছিল’মাডাৰচ প্লাছ হৰলিক্স’। দেওবাৰে সন্ধিয়া ঘৰত পেকেটতো খুলি তাৰ ভিতৰত  মৃত পইতাচোঁৰা দেখাৰ পিছত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ। লগে লগে বিক্ৰেতাক অৱগত কৰে গ্ৰাহকে ৷ সমান্তৰালকৈ দোকানলৈ আহি সচেতন গ্ৰাহক গৰাকীয়ে ইয়াৰ কাৰণ জানিবলৈ উপস্থিত হয় বিক্ৰেতা গংগা মেডিকেল ষ্টোৰত । এইক্ষেত্ৰতএই সমগ্ৰ  ঘটনাই ধেমাজি মাতৃ সমাজত চিন্তিত কৰি তুলিছে । হিন্দুষ্টান ইউনিলিভাৰ প্ৰাইভেট কোম্পানীয়ে গ্ৰাহকক মাদা’চ হৰলিকচৰ নামত আচলতে খুৱাই আছে নেকি বৰবিহ ? ইতিমধ্যে পুষ্টিকৰ খাদ্যৰ নামত হেতালি খেলা এই কোম্পানীটোৰ ওপৰত এক এজাহাৰ দাখিলৰ ব্যৱস্থা গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিষয়ববীয়াই ।

এই সন্দৰ্ভত সমগ্ৰ ঘটনা ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক আৰু জিলা খাদ্য সুৰক্ষা বিভাগতো অৱগত কৰি এক এজাহাৰ দাখিল কৰে। এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া, জিলা সভাপতি সঞ্জীৱ চেতিয়া আৰু সম্পাদক ত্ৰৈলোক্য তামুলীয়ে এই সমগ্ৰ ঘটনা উচ্চ পৰ্যায়ৰ তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

Exit mobile version