JP Nadda গুৱাহাটীত বিজেপি সভাপতি জে পি নাড্ডা

"কংগ্ৰেছ এটা পৰিয়ালৰ দললৈ পৰিণত হৈছে"

WhatsApp Image 2022 08 29 at 9.37.24 PM

“কংগ্ৰেছ এটা পৰিয়ালৰ দললৈ পৰিণত হৈছে” কংগ্ৰেছ এতিয়া ৰাষ্ট্ৰীয় ৰাজনৈতিক দল নহয়, এটা পৰিয়ালৰ দল৷ সোমবাৰে গুৱাহাটীত বিজেপিৰ এখন দলীয় সভাত এইদৰে কয়, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ।

নাড্ডাই আজি এদিনীয়া ভ্ৰমণসূচীৰে মহানগৰত উপস্থিত হৈ উত্তৰ-পূব বিজেপি কাৰ্যালয় উদ্বোধন উপলক্ষে মাছখোৱা আইটিএ চেন্টাৰত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৮ অক্টোবৰত কাৰ্যালয়টো উদ্বোধন কৰা হ’ব। ভাষণ প্ৰসংগত নাড্ডাই কয়, “কংগ্ৰেছ আছিল মহান ৰাষ্ট্ৰীয় দল কিন্তু ই এতিয়া প্ৰকৃত অৰ্থত ৰাষ্ট্ৰীয় দল নহয়। কংগ্ৰেছ কেইখনমান ৰাজ্যতে সীমাবদ্ধ। ই এটা পৰিয়ালৰ দল হৈ পৰিছে ৷ আনহাতে সভাখনত অংশ লৈ মুখ্যমন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাই কয় বিজেপিয়ে ৰাজ্যখনৰ প্ৰতিটো খণ্ড আৰু মণ্ডলতে দলীয় কাৰ্যালয় স্থাপন কৰিব । অহা দুই- তিনি বছৰৰ ভিতৰত কাৰ্যালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব৷আনহাতে শৰ্মাই আৰু কয় যে, “বিজেপি শাসনলৈ অহাৰ পিছতহে উত্তৰ-পূবৰ পৰিৱৰ্তন হৈছিল আৰু মূলসুঁতিত অন্তৰ্ভুক্ত হৈছিল আৰু উ উপযুক্ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ উত্তৰ-পূবৰ মুল বিজেপি কাৰ্যালয়ে সদায় উত্তৰ-পূবৰ ৰাজ্যখনৰ মাজত একতাৰ প্ৰতীক হ’ব যি বিজেপিৰ কাৰ্যকালত শক্তিশালী হৈ উঠিছে।” সভাত বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা সহ কেইবা গৰাকী ৰাষ্ট্ৰীয় নেতা উপস্থিত থাকে ৷
উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী সপত্নীক দুপৰীয়া গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ফুলাম গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনায় ৷ তাৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰ দৰ্শন কৰে সপত্নীক নাড্ডাই ৷ ইয়াত সংগ দিয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

Exit mobile version