কৰিমগঞ্জত জব্দ ৪,৭২৮ কেজি গাঞ্জা

WhatsApp Image 2022 08 30 at 4.58.36 PM

কৰিমগঞ্জ আৰক্ষীয়ে নিয়মীয়া তালাচীত জব্দ কৰিবলৈ সক্ষম হয় পাঁচ কোটি টকাৰ গাঞ্জা ৷ অসম- ত্ৰিপুৰা সীমান্তত চুড়াইমাৰীত যোৱা নিশা আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় এখন ট্ৰাক ৷

জব্দকৃত ট্ৰাক খনৰ পৰা উদ্ধাৰ হয় প্ৰায় ৪,৭২৮ কেজি ওজনৰ গাঞ্জা ৷ জব্দ কৰা গাঞ্জাখিনিৰ মুল্য পাঁচকোটি টকা ৷ অৱশ্যে ট্ৰাকখন এৰি এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ট্ৰাক চালক সহ সৰবৰাহকাৰী ৷

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কৰিমগঞ্জ আৰক্ষীৰ এই সাফল্যক প্ৰশংসা কৰে ৷

Exit mobile version