Darjeeling NF Railway দাৰ্জিলিং-ঘুমৰ মাজত চাৰিখন নতুন জয় ৰাইড পুতলা ৰে’লসেৱাৰ সংযোজন এনএফ ৰে’লৱেৰ

WhatsApp Image 2022 08 30 at 5.41.42 PM

দাৰ্জিলিং-ঘুমৰ মাজত চাৰিখন নতুন জয় ৰাইড পুতলা ৰে’লসেৱাৰ সংযোজন এনএফ ৰে’লৱেৰ

উত্তৰ-পূব সীমান্ত ৰে’লৱেই (এনএফআৰ) শাৰদীয় দুৰ্গোৎসৱৰ বতৰত দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ (ডিএইচআৰ) খেলনা ৰে’ল সেৱাৰ অধীনত চাৰিটা নতুন বিশেষ আনন্দ যাত্ৰা পৰিচালনা কৰাৰ সিদ্ধান্ত লৈছে ।
উৎসৱকালীন বতৰৰ প্ৰতি লক্ষ্য ৰাখি ১ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ দৈনিক ভিত্তিত দাৰ্জিলিং আৰু ঘুমৰ মাজত জয় ৰাইড চলিব। এনএফ আৰে কয়, “ৰে’ল নং ০২৫৪৭ (দাৰ্জিলিং – ঘুম – দাৰ্জিলিং) জয় ৰাইড বিশেষ, দাৰ্জিলিঙৰ পৰা 0৯:২০ বজাত ৰাওনা হ’ব আৰু ১০:০৫ বজাত ঘুম পাব। ইয়াৰ পৰা উভতনি যাত্ৰাত ৰে’লখন ঘুমৰ পৰা ১০:২৫ বজাত ৰাওনা হ’ব আৰু ১০:৫৫ বজাত দাৰ্জিলিং পাব।ৰে’ল নং০৩৫৪৮ (দাৰ্জিলিং – ঘুম – দাৰ্জিলিং) জয় ৰাইড বিশেষৰে’লখনে দাৰ্জিলিঙৰ পৰা ১১:২৫ বজাত ৰাওনা হ’ব আৰু ১২:১০ বজাত ঘুম পাব। উভতনি যাত্ৰাত ৰে’লখন ঘুমৰ পৰা ১২:৩০ বজাত ৰাওনা হ’ব আৰু ১৩:০০ বজাত দাৰ্জিলিং পাব।”

একেদৰে, ৰেল নং ০২৫৪৯ (দাৰ্জিলিং – ঘুম – দাৰ্জিলিং) জয় ৰাইড বিশেষ ট্ৰেইনখন দাৰ্জিলিঙৰ পৰা ১৩:২৫ বজাত ৰাওনা হ’ব আৰু ১৪:১০ বজাত ঘুম পাব। ইয়াৰ পৰা উভতনি যাত্ৰাত ৰে’লখন ঘুমৰ পৰা ১৪:৩৫ বজাত ৰাওনা হ’ব আৰু ১৫:০৫ বজাত দাৰ্জিলিং পাব । ৰে’ল নং ০২৫৫০ (দাৰ্জিলিং – ঘুম – দাৰ্জিলিং) জয় ৰাইড বিশেষ ট্ৰেইন খন দাৰ্জিলিঙৰ পৰা 15:30 বজাত ৰাওনা হ’ব আৰু ১৬:১৫ বজাত ঘুম পাব। উভতনি যাত্ৰাত ৰে’লখন ঘুমৰ পৰা ১৬:৩৫ বজাত ৰাওনা হ’ব আৰু ১৭:০৫ বজাত দাৰ্জিলিং পাব। সকলো জয় ৰাইড বিশেষ ট্ৰেইন তিনিখনত প্ৰথম শ্ৰেণীৰ চেয়াৰ কাৰৰ সংযোজন কৰা হৈছে । প্ৰতিটো প্ৰথম শ্ৰেণীৰ চেয়াৰ কাৰ কোচত ৩০ খন কৈ আসন থাকিব।

Exit mobile version