Kokrajhar কোকৰাঝাৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান

ধৰ্ষণকাৰী ছানিদুল ইছলামক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

WhatsApp Image 2022 08 30 at 5.40.15 PM

Kokrajhar কোকৰাঝাৰ আদালতৰ বিশেষ ন্যায়াধীশ জে.কোচৰ বিশেষ আদালতে আজি এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ৷ ২০১৯ চনৰ জুলাই মাহত এগৰাকী দহ বছৰীয়া কিশোৰী ধৰ্ষণকাৰী ছানিদুল ইছলামক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰাৰ লগতে দহ হেজাৰ টকাৰ জৰিমনা অনাদায়ে অতিৰিক্ত এমাহৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে ৷

ৰায়দান সন্দৰ্ভত বিশেষ চৰকাৰী অধিবক্তা মনজিৎ ঘোষে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে যে , অভিযুক্ত আচামী ধৰ্ষণকাৰী ছানিদুলে ২০১৯ চনৰ জুলাই মাহৰ সাত তাৰিখে আবেলি প্ৰায় তিনি বাজি পয়ত্ৰিশ মিনিটত ঘৰৰ পিছফালে গৰু চৰাবলৈ যোৱা সময়ত এগৰাকী কিশোৰীক বলপূৰ্বক ধৰ্ষণ কৰিছিল ।

ধৰ্ষণকাৰীৰ বিৰুদ্বে গোসাইগাঁও থানাত পঞ্জীয়ন হোৱা গোচৰ নম্বৰ ২৮৯/১৯ ৰ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা U/S-376 AB IPC R/W -SEC-4 OF POSCO অনুযায়ী আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছিল ।ইয়াৰোপৰি কোকৰাঝাৰ আদালততো 48/2019 নম্বৰৰ আন এটা গোচৰ আচামীজনৰ বিৰুদ্বে পঞ্জীয়ন হৈ আছিল ৷ সেই মৰ্মে আজি জে.কোচৰ বিশেষ আদালতে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ৷

Exit mobile version