National Sports ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অসম সন্তান অম্লান বৰগোঁহাইৰ স্বৰ্ণ জয়
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হৈ থকা ৮৭ সংখ্যক সৰ্বভাৰতীয় ৰে’লৱে এথলেটিকছ প্ৰতিযোগিতাত সোমবাৰে অসম সন্তান দৌৰবিদ অম্লান বৰগোঁহাই-এ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । ১০০ মিটাৰ দৌৰত ১০.২৫ ছেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ কৰি সোণৰ পদক আজুৰি আনিছে এই প্ৰচুৰ সম্ভাৱনাপূৰ্ণ দৌৰবিদগৰাকীয়ে ।
ADVERTISEMENT
উল্লেখযোগ্য যে ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰা খেলুৱৈগৰাকীয়ে ইতিমধ্যে এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে । খেলুৱৈগৰাকীৰ এই প্ৰদৰ্শনক লৈ এতিয়া সকলো আশাবাদী হৈ পৰিছে যিহেতু যিসকল অসমৰ খেলুৱৈ-এ ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমাগতভাৱে ভাল প্ৰদৰ্শন কৰি আহিছে সেইসকলৰ ভিতৰত অম্লানো অন্যতম। অম্লানৰ এই প্ৰদৰ্শনক লৈ আজি উৎফুল্লিত হৈ পৰিছে অসম এথলেটিকছ সন্থাৰ বিষয়-ববীয়াসকল ।