No Ban On Chinese Smartphones : ১২ হেজাৰ টকাতকৈ কম দামি চীনা ফোন নিষিদ্ধ হ’ব ভাৰতত ? মুখ খুলিলে কেন্দ্রীয় মন্ত্রীয়ে

Xiaomi Corp

কেন্দ্রৰ তথ্যপ্রযুক্তি প্রতিমন্ত্রী ৰাজীৱ চন্দ্রশেখৰ চীনা স্মার্ট ফোন বিক্রী বন্ধ কৰাৰ প্রসংগত কয়, ‘চীনা সংস্থাই প্ৰস্তুত কৰা ১২ হেজাৰ টকাতকৈ সস্তা ফোন বন্ধ হোৱা সন্দৰ্ভত এই জল্পনা কিয় আৰম্ভ হৈছে সেয়া ম‌ই নাজানো । ভাৰতীয় সংস্থাবোৰক স্থান দিয়া সঁচাই প্ৰয়োজনীয় । অৱশ্যে চীনা সংস্থাৰ ওপৰত নিষেধাজ্ঞা জাৰিৰ কোনো চিন্তা চৰ্চা নাই চৰকাৰৰ ।’

ADVERTISEMENT

ইপিনে চীনা সংস্থাবোৰৰ কাম সন্দৰ্ভত সন্দেহ প্রকাশ কৰি কেন্দ্রীয় মন্ত্রীয়ে কয়, ‘চীনৰ মোবাইল সংস্থাবোৰে ক’ৰ পৰা কেঁচামাল বা সামগ্রী কিনিছে বা কেনেদৰে মোবাইল বিক্রী কৰিছে, সেই বিষয়ত আৰু স্বচ্ছতা প্রয়োজন ।’ লগতে ভাৰতত প্ৰস্তুত কৰা ফোনৰ ৰপ্তানি বঢ়াবলৈ চীনা সংস্থাবোৰক কোৱা হৈছে বুলি জনায় কেন্দ্রীয় মন্ত্রীয়ে ।

উল্লেখ্য, চীনা সংস্থাবোৰে বর্তমান ভাৰতীয় স্মার্টফোন বজাৰৰ ৬৩ শতাংশ দখল কৰিছে । Xiaomi, Realme, Oppo আৰু Vivo-ৰ দৰে সংস্থাবোৰে বর্তমান দেশৰ শীর্ষ পাঁচটাৰ ভিতৰত চাৰিটা স্থান দখল কৰিছে । ভাৰতীয় স্মার্টফোন সংস্থাবোৰে প্রতিযোগিতাত স্থান লাভ কৰা নাই ।

১২ হেজাৰ টকাতকৈ কম দামৰ ফোনৰ ছেগমেন্টত চীনা সংস্থাবোৰৰ ৭৫-৮০ শতাংশ শ্বেয়াৰ আছে । ই দেশৰ সামগ্রিক স্মার্টফোন বজাৰৰ ৩১ শতাংশ । অধিকাংশ চীনা সংস্থাই এতিয়া ভাৰতত উৎপাদন কৰে । এনে পৰিস্থিতিত ভাৰতত প্ৰস্তুত ফোন যাতে বিদেশত ৰপ্তানি কৰা হয়, সেই ক্ষেত্ৰত সংস্থাবোৰক দৃষ্টি ৰাখিবলৈ দিছে কেন্দ্রীয় চৰকাৰে ।

Exit mobile version