কলিয়াবৰত সংঘটিত হৈছে ভয়ংকৰ বাইক দূৰ্ঘটনা; নিহত এজন বাইক আৰোহী

pro

কুঁৱৰীটোল কলিয়াবৰ আৰক্ষী নিৱেশৰ সন্মুখত কালি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনাৰ ঘটনা ।

এই দূৰ্ঘটনাত নিহত হয় বাইক আৰোহী দৰ্শিত বৰা ।

খবৰ অনুসৰি , দ্ৰুতগতিত KTM বাইক চলাই আহি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ডিভাইদাৰত খুন্দিওৱাৰ ফলতেই এই দূৰ্ঘটনা সংঘটিত হয় ।

জখলাবন্ধাৰ পৰা কলিয়াবৰ তিনিআলি অভিমুখে আহি থকা বাইক আৰোহী দুজনক কলিয়াবৰ আৰক্ষীয়ে জখলাবন্ধা চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসকে বাইক আৰোহী দৰ্শিত বৰাক মৃত বুলি ঘোষণা কৰে ।

আনহাতে গুৰুতৰভাৱে আহত আনজন বাইক আৰোহীৰ নাম মানস বৰা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত পতিত হোৱা KTM বাইকখনৰ নম্বৰ হৈছে AS 12 A E 3848 ।

বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version