কৰ্তব্যৰত অৱস্থাত মহাবাহুৰ বুকুত সলিল সমাধি ঘটিল কাজিৰঙাৰ বনকৰ্মীৰ

Screenshot 419

কলিয়াবৰৰ বানেশ্বৰত আজি সংঘটিত হৈছে এক দুৰ্ঘটনা । ব্ৰহ্মপুত্ৰৰ বুকুত মৃত্যু হৈছে এজন বনকৰ্মীৰ । মফি আলি নামৰ এই বনকৰ্মীজন ব্ৰহ্মপুত্ৰ নদীত কৰ্তব্যৰত অৱস্থাত ডুবি মৃত্যু হৈছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বানেশ্বৰ বন শিবিৰত কৰ্মৰত এই বনকৰ্মীজনৰ ঘৰ কলিয়াবৰৰ বৰদলঙত । বন বিভাগৰ এখন নাও ব্ৰহ্মপুত্ৰত নিখোজ হোৱাত নাও খন বিচাৰি পানীত নামিছিল বনকৰ্মীজন। তাতে তেওঁৰ সলিল সমাধি ঘটে। পিছত বন বিভাগ আৰু জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি |

মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে। আনহাতে, ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

Exit mobile version