পেঙেৰীৰ গনেশ পূজা মণ্ডপ : মণ্ডপৰ কাপোৰৰ আৱৰণ জাতীয় পতাকা আৰ্হি

তীব্ৰ প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত

IMG 20220831 WA0058

তিনিচুকীয়া জিলা পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত পেঙেৰী চাৰিআলিত আয়োজন কৰা গনেশ পূজাৰ মণ্ডপক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

পেঙেৰী চাৰিআলিত পেঙেৰী পূৰ্বোদয় সংঘৰ দ্বাৰা আয়োজিত গনেশ পূজা মণ্ডপৰ কাপোৰৰ আৱৰণ জাতীয় পতাকাৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছিল ।

দেশে ৭৫ সংখ্যক স্বাধীনতা দিৱস অতিক্ৰম কৰা উপলক্ষে পেঙেৰী পূৰ্বোদয় সংঘই আয়োজন কৰা গনেশ পূজাৰ মণ্ডপৰ কাপোৰৰ আৱৰণ সম্পূৰ্ণ জাতীয় পতাকাৰ আৰ্হিত নিৰ্মাণ কৰাৰ লগতে মণ্ডপৰ অন্তৰ্ভাগত ভগত সিং, সুভাষ চন্দ্ৰ বসুৰ লগতে কে’বাগৰাকী স্বাধীনতা সেনানীৰ ফটো সংলগ্ন কৰি নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছিল ।

জাতীয় পতাকাৰ আৰ্হিত নিৰ্মিত গনেশ পূজাৰ মণ্ডপৰ ফটো সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে ভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা যায় । কিছুসংখ্যক লোকে গনেশ পূজা সমিতিৰ এই কাৰ্যক পূৰ্ণ সমৰ্থন আগৱঢ়োৱাৰ বিপৰীতে আন একাংশই জাতীয় পতাকাক চূড়ান্ত অপমান কৰা হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

ইফালে, সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে তিনিচুকীয়া আৰক্ষী প্ৰশাসনে তৎক্ষণিকভাৱে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়োৰ নেতৃত্বত এটি আৰক্ষী দল পূজা মণ্ডপত উপস্থিত হৈ মণ্ডপৰ কাপোৰৰ আৱৰণৰ পৰা জাতীয় পতাকাত থকা অশোক চক্ৰটো আঁতৰাই দি বিতৰ্কৰ অৱসান ঘটায় ৷

Exit mobile version