পৰ্তুগালৰ এখন বাগিচাত উদ্ধাৰ সৰ্ববৃহৎ ডাইন’চৰৰ কংকাল

WhatsApp Image 2022 08 31 at 5.28.48 PM

নিজ গৃহৰ বাগিচাত মাটি খান্দি থকা অৱস্থাত এজন লোকে এটা বিশেষ গোন্ধ পোৱাত ,মাটি খন্দা বন্ধ কৰি ততাতৈয়াকৈ প্ৰত্নতত্ববিদৰ লগত যোগাযোগ কৰে । ইয়াৰপিছতে প্ৰত্নতত্ব বিভাগৰ এটা দলে বাগিচাখনত খনন কাৰ্য চলাই উদ্ধাৰ কৰে ডাইন’চৰৰ এটা কংকাল । দাবী কৰা হৈছে যে এইটোৱেই এইপৰ্যন্ত উদ্ধাৰ হোৱা বিশ্বৰ সবাতোকৈ বৃহৎ আকাৰৰ ডাইন’চৰৰ কংকাল ।

পৰৱৰ্তী সময়ত এই অঞ্চলটোত আৰু খনন কাৰ্য চলোৱা হ’ব বুলি উল্লেখ কৰে বিভাগটোৱে । সংবাদ সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ২০১৭ চনত পৰ্তুগালত এজন লোকৰ বাগিচাত সেই জীৱাশ্মৰ সন্ধান পোৱা যায় আৰু ইয়াৰপিছতে খনন কাৰ্য আৰম্ভ হয় । চলিত আগষ্টৰ আৰম্ভণিতে মধ্য পৰ্তুগালৰ পোম্বল চহৰৰ সমীপত উক্ত লোকজনৰ ঘৰৰ বাগিচাত খননৰ পাছত দেত্যাকাৰ ডাইন’চৰৰ কংকালটো উদ্ধাৰ কৰে পৰ্তুগাল আৰু স্পেইনৰ বিজ্ঞানীৰ এটা দলে । পত্নতাত্বিক সকলৰ মতে ইউৰোপত ইয়াৰ পূৰ্বে ইমান ডাঙৰ ডাইন’চৰৰ কংকাল উদ্ধাৰ হোৱা নাছিল ।

তথ্য অনুসৰি উদ্ধাৰ হোৱা ডাইন’চৰৰ কংকালটো ছৰোপড প্ৰজাতিৰ । অৰ্থাৎ ডাইন’চৰৰ যিমাবোৰ প্ৰজাতি আছে, তাৰভিতৰত ছৰোপডেই হৈছে আটাইতকৈ বৃহত্তম আকাৰৰ ডাইন’চৰ । উদ্ধাৰ হোৱা ডাইন’চৰ কংকালটোৰ দৈৰ্ঘ্য হ’ব ১২ মিটাৰ । উচ্চতা প্ৰায় ২৫ মিটাৰ । প্ৰায় ১৫ কোটি বছৰৰ পূৰ্বে এই প্ৰজাতিৰ ডাইন’চৰে পৃথিৱীত বিচৰণ কৰিছিল। ইফালে লিছবন বিশ্ববিদ্যালয়ৰ বিজ্ঞান বিভাগৰ অধ্যাপক এলিজাবেথ মেলাফাইয়াই কয় যে, ইউৰোপত প্ৰথম এনে বৃহৎ ডাইন’চৰৰ কংকাল উদ্ধাৰ হ’ল । হয়তো বিশ্বতে প্ৰথম এই ঘটনা ।

Exit mobile version