সোপাধৰাৰ সন্দেহত শিৱসাগৰৰ দিখৌমুখত কৰায়ত্ব বহিঃৰাজ্যৰ লোক

শিৱসাগৰৰ দিখৌমুখত সোপাধৰাৰ আতংক ৷ নিশা মহিলাৰ পোচাক পৰিহিত বহি:ৰাজ্যৰ ন জনকৈ পুৰুষে দিখৌ অঞ্চলত প্ৰৱেশ কৰে ৷ পিছত এজনলোকৰ বাসগৃহত বাসগৃহত অনাধিকাৰ প্ৰৱেশ কৰে ৷ আনকি দলটোৱে ব্যক্তিজনৰ ঘৰত সোমোৱা দৃশ্যৰাজি আবদ্ধ হয় চিচিটিভিৰ কেমেৰাত ৷

মহিলাৰ ভেশত থকা বহিঃৰাজ্যৰ লোকৰ এজনে স্থানীয়লোকৰ বাসগৃহ সোমোৱাৰ চেষ্টা কৰোতেই স্থানীয় লোক একত্ৰিত হৈ জেৰা কৰে ৷ আনহাতে, এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰি আঠজনে৷ পিছত কৰায়ত্ব কৰা লোকজনক সোধপোছ কৰোতেই উন্মোচিত হয় সকলো তথ্য৷আচলতে তেওঁলোক মহিলা নহয়,আটাইকেইজনেই পুৰুষ ।

ধৃত লোকজনক ৰাইজে লপাথপা দি আৰক্ষীক গতাই দিয়ে ৷ ৰাইজৰ মাৰত আহত হোৱা সন্দেহজনক সোপাধৰা টোক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে আৰক্ষীয়ে ৷

Exit mobile version