২০৪৭ৰ ভিতৰত ভাৰত উচ্চ আয়ৰ দেশ হ’ব

Bibek Debroy

২০৪৭ৰ ভিতৰত ভাৰত এখন উচ্চ আয়ৰ দেশ হিচাপে পৰিগণিত হ’ব । প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰয়ে ড্ৰাফট কম্পিটিটিভনেছ ১০০ ফৰ ইণ্ডিয়া শীৰ্ষক অৰ্থনৈতিক খচৰা মুকলি কৰি এই মন্তব্য প্ৰদান কৰে । যিহেতু বৰ্তমান ভাৰতৰ অৰ্থনৈতিক অৱস্থাই বহুতো আগশাৰীৰ দেশৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে ।

এই গতিত গৈ থাকিলে নিশ্চয়কৈ দেশে ২০৪৭ চনৰ ভিতৰত এখন উচ্চ আয়ৰ দেশত পৰিণত হ’ব । লগতে তেওঁ এইবুলিও উল্লেখ কৰে যে, অহা ২৫ বছৰত গড় বাৰ্ষিক বৃদ্ধি ৭.৭৫ শতাংশ হ’লে ২০৪৭ চনৰ ভিতৰত ভাৰতীয় অৰ্থনীতি ২০ হাজাৰ বিলিয়ন ডলাৰ পৰ্যন্ত হ’ব । বৰ্তমান সময়ত ভাৰত হৈছে বিশ্বৰ ষষ্ঠ বৃহত্তম অৰ্থনীতিৰ দেশ যাৰ মুঠ ঘৰুৱা উৎপাদন ২,৭০০ বিলিয়ন ডলাৰ ।

ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০৪৭ ,চনৰ ভিতৰত ভাৰতক এখন উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে । শতবৰ্ষ দিশত আগবঢ়া ভাৰতৰ ইণ্ডিয়া-১০০ হৈছে এখন ৰোডমেপ । য’ত ভাৰতৰ অৰ্থনীতিকে ধৰি অন্যান্য দিশৰ বিশাল সম্ভাৱনা আৰু বিশাল উচ্চাকা‌ক্ষাসমূহ উপলব্ধি কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ সমূহ চিনাক্ত কৰা হৈছে । অৰ্থাৎ ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উচ্চ আয়ৰ দেশত পৰিণত হোৱাৰ লক্ষ্যৰে প্ৰয়োজনীয় সকলো পদক্ষেপক সামৰি এই ৰোডমেপ প্ৰস্তুত কৰা হৈছে ।

Exit mobile version