Boating Competition : কান্দাপাৰা চাউলখোৱা নদীত অনুষ্ঠিত বিৰাট নাওখেল প্ৰতিযোগিতা

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জনীয়া সমষ্টিৰ কান্দাপাৰা চাউলখোৱা নদীত অনুষ্ঠিত হয় নামনি অসম ভিত্তিক বিৰাট নাওখেল প্ৰতিযোগিতা । কান্দাপাৰা নাওখেল পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা নাওখেল প্ৰতিযোগিতাত এ দলত সাতখন আৰু বি দলত ছয়খন মুঠ ১৩খন নাৱে অংশগ্ৰহণ কৰে ।

তাৰে এ দলৰ “ৰাইজৰ চকুৰ মণি” প্ৰথম আৰু “জয় আই অসম” নাওখনে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় । তদ্ৰুপ বি দলৰ “ৰাইজৰ আশীৰ্বাদ” প্ৰথম স্থান আৰু “মনৰ পাখি” নাওখনে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ।

মঙলবাৰে অনুষ্ঠিত হোৱা নাওখেল চাবলৈ লোকে লোকাৰণ্য হৈ ৰঙিল কৰি তোলে চাউলখোৱা নদীৰ দুয়োপাৰ । অসমীয়া সংস্কৃতিৰ ধ্বজ্বাবাহক নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি শৃংখলাৰে সমাপ্ত কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰে উদ্‌যাপন সমিতিয়ে ।

Exit mobile version