SONIA GANDHI ছোনিয়া গান্ধীৰ মাতৃ পাওলো মাইনোৰ দেহাৱসান, বুধবাৰে টুইট কৰি জনালে জয়ৰাম ৰমেশে

WhatsApp Image 2022 08 31 at 9.15.37 PM

SONIA GANDHI ছোনিয়া গান্ধীৰ মাতৃ পাওলো মাইনোৰ দেহাৱসান, বুধবাৰে টুইট কৰি জনালে জয়ৰাম ৰমেশে

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ মাতৃ পাওলো মাইনোৰ দেহাৱসান । শনিবাৰে ইটালীত নিজ বাসভৱনত তেওঁৰ মৃত্যু হৈছে । মাইনোৰ মৃত্যুৰ খবৰ গান্ধী পৰিয়ালৰ তৰফৰ পৰা জনোৱা হোৱা নাই যদিও বুধবাৰে দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে টুইট কৰি এই খবৰটো জনায় ।

ADVERTISEMENT

জয়ৰামৰ টুইটত জনোৱা হয়, শনিবাৰে মাইনোৰ মৃত্যু হয় । দেওবাৰে তেওঁৰ শেষকৃত্য সম্পন্ন হয় । প্রসংগত, অসুস্থ মাতৃৰ কাষত থাকিবৰ বাবে যোৱা ২৩ আগষ্টৰ পৰাই ইটালীত আছে ছোনিয়া গান্ধী । তেওঁৰ স’তে নাতি-নাতিনী ৰাহুল, প্রিয়ংকাও আছিল । দলৰ সভাপতি নির্বাচনৰ দিন প্রকাশৰ বাবে এআইচিচিৰ বৈঠকত ইটালীৰ পৰাই ভার্চুৱেলী যোগ দিছিল ছোনিয়া, ৰাহুল আৰু প্রিয়ংকাই ।

Exit mobile version