COVID-19 : ক’ভিড আপডেট

corona test 2 1656128331

কৰ’না অতিমাৰীৰ পৰা লাহে লাহে সুস্থতাৰ পথত আগবাঢ়িছে দেশ । অতিমাৰীৰ ভয়াৱহতা বহু পৰিমাণে কমিছে । ক্রমশ হ্ৰাস পাইছে সংক্রমণ । বুধবাৰৰ তুলনাত বৃহস্পতিবাৰে দেশত দৈনিক সংক্রমণ আৰু মৃত্যুৰ সংখ্যা কমিল ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ সংক্রমিত হৈছে ৭৯৪৬ জন । বুধবাৰে এই সংখ্যা আছিল ৯৮০৮ । সংক্রমণৰ লগতে দৈনিক মৃত্যুৰ সংখ্যাও নিম্নমুখী । এদিনত দেশত ভাইৰাছত মৃত্যু হৈছে ৩৭ জনৰ । বুধবাৰে দৈনিক মৃত্যুৰ সংখ্যা আছিল ৪৫ ।

দেশত নতুনকৈ যি ৩৭ জনৰ মৃত্যু হৈছে, তেওঁলোক ১২ জনেই কেৰালাৰ । ভাৰতত কৰ’নাত মুঠ মৃত্যুৰ সংখ্যা পাঁচ লাখ ২৭ হেজাৰ ৯১১ । কৰ’নাত দেশত সম্প্ৰতি অসুস্থ ৬২ হেজাৰ ৭৪৮ জন । দেশত সুস্থতাৰ হাৰ ৯৮.৬৭ শতাংশ ।

Exit mobile version