DISPUR দিছপুৰত ’ৰিহেবিলিটেশ্যন’ কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলৰ সৈতে পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

তিনি মাহৰ ভিতৰত সকলোকে উপযুক্ত ঘৰ, প্ৰয়োজন সংখ্যক শৌচাগাৰ, পুষ্টিকৰ খাদ্য আৰু নিয়মিত স্বাস্থ্যপৰীক্ষাৰ সু-ব্যৱস্থা কৰিবলৈ নিৰ্দেশ

WhatsApp Image 2022 09 03 at 19.42.12 1

ASSAM GOVT অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ৰাজ্য চৰকাৰৰ আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ লগতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ উপস্থিতিত গুৱাহাটীৰ ব্যক্তিগত ’ৰিহেবিলিটেশ্যন’ কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰী সকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয় | যোৱা বৃহস্পতিবাৰে গুৱাহাটীৰ এটা ব্যক্তিগত ’ৰিহেবিলিটেশ্যন’ কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰাৰ সময়ত আবাসীসকলৰ বাবে ন্যুনতম সুবিধাও দেখা নাপায় মন্ত্ৰী হাজৰীকাই ৰিহেবিলিটেশ্যন কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কিছু নীতি প্ৰস্তুত কৰিব বুলি ঘোষণা কৰাৰ লগতে শীঘ্ৰে গুৱাহাটীৰ সকলো ৰিহেবিলিটেশ্যন কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হ’ব বুলি উল্লেখ কৰিছিল | আজি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাগৃহত পৰ্যালোচনা বৈঠকত অংশ লৈ মন্ত্ৰীগৰাকীয়ে স্বত্বাধিকাৰীসকলক তেঁওলোকৰ কেন্দ্ৰসমূহৰ আৱাসীসকলৰ ন্যুনতম সুখ সুবিধাৰ প্ৰতি লক্ষ ৰাখি কিছু নীতি মানি চলিবলৈ আহ্বান জনায় |

| এটা স্বাভাৱিক আয়তনৰ কোঠাত সৰ্বাধিক চাৰিজনকৈ আৱাসী ৰখা, প্ৰতি ৫ ৰ পৰা ৭ জন আৱাসীৰ বিপৰীতে একোটাকৈ শৌচাগাৰ, পুষ্টিকৰ খাদ্য আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা, এই চাৰিওটা দিশ ৰিহেবিলিটেশ্যন কেন্দ্ৰসমূহে তাৎক্ষণিকভাৱে গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত পৰৱৰ্তী তিনি মাহৰ ভিতৰত সকলো যাৱতীয় কাম সমাপ্ত কৰিব লাগিব বুলি নিৰ্দেশ দিয়ে | আনহাতে একোটা ৰিহেবিলিটেশ্যন কেন্দ্ৰ আৰম্ভ কৰিবৰ বাবে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰো অনুমতি লাগিব বুলি আজিৰ পৰ্যালোচনা বৈঠকত আলোচনা কৰা হয় | আজিৰ বৈঠকতে আঠ গৰাকী স্বত্বাধিকাৰীক অন্তৰ্ভুক্ত কৰি বিভাগীয় এখন সমিতি গঠন কৰি দিয়া হয় আৰু পৰৱৰ্তী দুই মাহৰ ভিতৰত এই সমিতিয়ে নতুন নীতি প্ৰস্তুত কৰিবৰ বাবে তেঁওলোকৰ প্ৰতিবেদন দাখিল কৰিব |

আনহাতে কোনোৱে যাতে তাৎক্ষণিকভাৱে তেঁওলোকৰ কেন্দ্ৰসমূহ বন্ধ কৰি আৱাসীসকলক সমস্যাত পেলাব নোৱাৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰখা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে আজিৰ বৈঠকত মন্তব্য কৰে | যিসমূহ কেন্দ্ৰই পৰৱৰ্তী তিনি মাহৰ পাছত কোনোমতেই চৰকাৰী নীতি মানি চলিবলৈ সক্ষম নহ’ব আৰু তেঁওলোকৰ কেন্দ্ৰসমূহ বন্ধ কৰি দিব বিচাৰিব তেনে কেন্দ্ৰসমূহৰ আৱাসীসকলক চৰকাৰী ৰিহেবিলিটেশ্যন কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হ’ব বুলিও মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে |

আজিৰ পৰ্যালোচনা বৈঠকতে ড্ৰাগচৰ আসক্তিৰ পৰা আঁতৰি আহিব বিচৰা, ৰিহেবিলিটেশ্যন কেন্দ্ৰৰ আৱাসীসকলৰ বাবে চৰকাৰৰ উদ্যোগত দক্ষতা বিকাশৰ বাবে আঁচনি গ্ৰহণ কৰিব পাৰি নেকি সেই বিষয়ে আলোচনা কৰি মন্ত্ৰী হাজৰীকাই কয় যে পৰৱৰ্তী বাজেট বৰ্ষত ১০০০ জন এনে আৱাসীৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিব পৰা যায় নেকি সেয়া চিন্তা কৰা হ’ব | মন্ত্ৰী হাজৰীকাই আজিৰ বৈঠকত স্বাস্থ্য বিভাগ আৰু আৰক্ষী বিভাগৰ বিষয়াসকলকো সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সৈতে একেলগে কাম কৰি ৰিহেবিলিটেশ্যন কেন্দ্ৰসমূহ নিয়ন্ত্ৰণ তথা নিয়মিত পৰ্যবেক্ষণৰ হকে কাম কৰিবলৈ আহ্বান জনায় যাতে ৰাজ্যখনৰ ড্ৰাগচআসক্ত ব্যক্তিসকলক একোটা নতুন জীৱন দিব পৰা যায় |

আজিৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰী গৰাকীৰ লগত বিধায়ক জিতু গোস্বামী, ড্ৰাগচবিৰোধী আৰু প্ৰতিৰোধী পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকাকতি, উপাধ্যক্ষ জিতু বৰগোঁহাই, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ আয়ুক্ত মুকেশ চন্দ্ৰ চাহু, সঞ্চালক কিশোৰ ঠাকুৰীয়া, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, স্বাস্থ্য বিভাগৰ সচিব, অসম আৰক্ষীৰ বিষয়া তথা আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল |

Exit mobile version