STATE ৰাজ্যত সংঘটিত হৈছে এচিড আক্ৰমণৰ ঘটনা

সংকটজনক অৱস্থাত জি এম ছি এইছত ভৰ্তি এগৰাকী মহিলা

WhatsApp Image 2022 09 03 at 19.53.44

PASTবিগত পাঁচ বছৰত দেশৰ ভিতৰত মহিলাৰ বিৰুদ্ধে সৰ্বাধিক অপৰাধ হোৱা ৰাজ্য হিচাপে চিহ্নিত হোৱা অসমত আজি পুনৰ এক এচিড আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । দৰঙৰ খাৰুপেটীয়া ৰাম নগৰৰ অমৰ ধৰ নামৰ এজন লোকে নিজ পত্নীৰ মুখত এচিড নিক্ষেপ কৰি এই জঘন্য ঘটনা সংঘটিত কৰে । জানিব পৰা মতে ,পাৰিবাৰিক কন্দলৰ বাবেই এইদৰে লোকজনে পত্নীৰ ওপৰত এচিড নিক্ষেপ কৰে । আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে উৰ্মিলা ধৰ নামৰ মহিলা গৰাকী ।

বৰ্তমান সংকটজনক অৱস্থাত থকা মহিলা গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে । যোৱা ৩১ আগষ্টত সংঘটিত এই ঘটনাটো ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে দিয়া এজাহাৰৰ পিছতহে পোহৰলৈ আহে । ইতিমধ্যে খাৰুপেটীয়া আৰক্ষীয়ে ধৃত লোকজনক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

Exit mobile version