ইছলামিক সংগঠনৰ প্ৰতিনিধিৰে বৈঠক আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ, মানিব লাগিব কঠোৰ নিৰ্দেশনা 

WhatsApp Image 2022 09 04 at 18.58.55

সম্প্ৰতি ৰাজ্যত মাদ্ৰাছা উচ্ছেদৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া চলি আছে । বিভিন্ন দল-সংগঠনে চৰকাৰৰ এই কাৰ্যক বিৰোধিতা কৰি থকাৰ মাজতে পুনৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কেতবোৰ নীতি-নিৰ্দেশনা দাঙি ধৰিলে মাদ্ৰাছা পৰিচালনা কৰা ইছলামিক সংগঠনৰ প্ৰতিনিধিলৈ । আজি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কে’বাটাও ইছলামিক সংগঠনৰ প্ৰতিনিধি বৰ্গৰ স’তে এক বৈঠকত মিলিত হয় ।

অসমত জেহাদীৰ উপস্থিতি আৰু মাদ্ৰাছা উচ্ছেদক লৈ অনুষ্ঠিত হোৱা এই বৈঠকত সঞ্চালক প্ৰধানগৰাকীয়ে মাদ্ৰাছা পৰিচালনা কৰা সংগঠনসমূহক ৰাজ্যৰ সুৰক্ষাৰ স্বাৰ্থত কেতবোৰ নিৰ্দেশনা মানি চলিব লাগিব বুলি উল্লেখ কৰে । বিশেষকৈ মাদ্ৰাছা সম্পৰ্কে চৰকাৰে প্ৰস্তুত কৰা প’ৰ্টেলত মাদ্ৰাছা পৰিচালনা কৰা সংগঠনে মাদ্ৰাছাৰ সকলো তথ্য দাখিল কৰিব লাগিব ।

শিক্ষকৰ দৰমহা ক’ৰ পৰা আহে, শিক্ষকজন কোন এই সকলো তথ্য প’ৰ্টেলত সন্নিবিষ্ট কৰিব লাগিব । ইয়াৰ লগতে মাদ্ৰাছাত ধৰ্মীয় শিক্ষাৰ বাহিৰেও বিজ্ঞান, গণিত, কম্পিউটাৰ, ভূগোল আদিৰো শিক্ষা প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰে । বিশেষকৈ ব্যক্তিগত মাদ্ৰাছা চলাই থকা সংগঠনসমূহে কেৱল সমিতি গঠন কৰিলেই নহ’ব, তাৰ দায়িত্বও পালন কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে । অৱশ্যে সঞ্চালক প্ৰধানগৰাকীয়ে অসমত মুছলমানসকলৰ সহযোগিতাৰ বাবেই অল-কায়দাৰ দৰে জেহাদীক প্ৰতিৰোধ কৰিব পৰা গ’ল বুলি মন্তব্য কৰে ।

উল্লেখযোগ্য যে, আজিৰ বৈঠকত লোৱা সিদ্ধান্তসমূহ ইছলামিক সংগঠনৰ প্ৰতিনিধিবৰ্গই মানি লোৱা বুলি জানিব পৰা গৈছে ।

Exit mobile version