দলৰ এই গুৰু দায়িত্ব সেৱা সমৰ্পণ আৰু নিষ্ঠাসহকাৰে পালন কৰি যাবলৈ ম‌ই বদ্ধপৰিকৰ : সৰ্বানন্দ সোণোৱাল

WhatsApp Image 2022 09 04 at 20.27.31 1

পোনপ্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা কেন্দ্ৰীয় সংসদীয় ব’ৰ্ড আৰু কেন্দ্ৰীয় নিৰ্বাচনী সমিতিত স্থান কৰা জ্যেষ্ঠ বিজেপি নেতা, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আজি লোকপিয়ল গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সৰ্বস্তৰৰ ৰাইজে উষ্ম আদৰণি জনায় ।

যোৱা ১৭ আগষ্টত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডাৰ অধ্যক্ষতাত ঘোষিত কেন্দ্ৰীয় সংসদীয় ব’ৰ্ড তথা কেন্দ্ৰীয় নিৰ্বাচনী সমিতিত স্থান লাভ কৰাৰ পাছত আজি মাতৃভূমিত উপস্থিত হয় । উপস্থিত হৈয়ে মন্ত্ৰী সোণোৱালে পোনে পোনে বশিষ্ঠস্থিত বিজেপি অসম প্ৰদেশৰ নতুন কাৰ্যালয় ভৱন পৰিদৰ্শন কৰে ।

বিজেপি অসম প্ৰদেশৰ নতুন কাৰ্যালয় ভৱন, উজান বজাৰস্থিত উত্তৰ-পূব বিজেপিৰ নতুন ভৱন, হেঙেৰাবাৰীস্থিত দলৰ মুখ্য ৰাজ্যিক কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৰবাৰীৰ সুদৰ্শনালয়ত সোণোৱালক উষ্ম আদৰণি জনায় বিষয়ববীয়া, কাৰ্যকৰ্তাসকলে ।

পদ্ম ভৱনত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, ‘বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বিজেপিয়ে সদায়েই সেৱা আৰু সমৰ্পনৰ মনোভাবেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত উৎসৰ্গিত হৈ আহিছে । দলটোৰ মজিয়াত এই অভাজনে সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰি সৌভাগ্যবান অনুভৱ কৰিছো । দলৰ এই গুৰু দায়িত্ব সেৱা সমৰ্পণ আৰু নিষ্ঠাসহকাৰে পালন কৰি যাবলৈ ম‌ই বদ্ধপৰিকৰ ।’

Exit mobile version