দেশত বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ, সতর্ক নহ’লে অধিক শোচনীয় হ’ব পৰিস্থিতি ! শংকা অর্থনীতিবিদৰ

unemployment india 1604307258011 1604307262158

ভাৰতত কর্মসংস্থাপন কমিছে । হুহুৱাই বাঢ়িছে নিবনুৱাৰ হাৰ । সাম্প্রতিক পৰিসংখ‌্যা প্রকাশ্যত অহাৰ পাছতেই পুনৰ অস্বস্তিত কেন্দ্রৰ নৰেন্দ্র মোদী চৰকাৰ । চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমিৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ নিবনুৱাৰ হাৰ বিগত এবছৰৰ ভিতৰত যোৱা আগষ্টত সর্বোচ্চ আছিল । সেই মাহত নিবনুৱাৰ হাৰ আছিল ৮.৩ শতাংশ । জুলাইত নিবনুৱাৰ হাৰ আছিল ৬.৮ শতাংশ । তাত কর্মসংস্থাপন আছিল ৩৯.৭০ কোটি ।

আগষ্টত এই তথ‌্য প্ৰকাশ্যত অহাৰ পাছতেই কেন্দ্রক কটাক্ষ কৰিছে বিৰোধীপক্ষ‌ই । তৃণমূলৰ ৰাজ‌্যসভা সাংসদ ডেৰেক অ’ব্রায়েনে প্রধানমন্ত্রীক কটাক্ষ কৰি কয়, ‘মোদীক অযোগ্য কোৱাৰ কাৰণ সন্মুখত ।’ লগতে অর্থনীতিবিদ কৌশিক বসুৰ টুইট, ‘মুদ্রাস্ফীতিৰ স’তে নিবনুৱাই সমস্যা বৃদ্ধি কৰিছে ।’

কেন্দ্রক সকীয়নি দি তেওঁৰ পৰামর্শ, সংকট সমাধান কৰিবলৈ সকলো নীতিতেই কেন্দ্র‌ই এই বিষয়ত মনোযোগ দিয়াটোৱে আটাইতকৈ প্ৰয়োজনীয় । চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমিৰ (চিএমআইই) তৰফৰ পৰা জনোৱা হৈছে, চহৰৰ নিবনুৱাৰ হাৰ গ্রামাঞ্চলতকৈ অধিক ।

চলিত বছৰৰ আগষ্টত চহৰৰ নিবনুৱাৰ হাৰ আছিল ৯.৬ শতাংশ । তাত গাঁৱৰ নিবনুৱাৰ হাৰ হৈছে ৭.৭ শতাংশ । চিএমআইই-ৰ মেনেজিং ডিৰেক্টৰ মহেশ ব্যাসে সেয়ে চলিত বছৰত অসমত বৃষ্টিপাতৰ বাবে কৃষিৰ ব্যাপক ক্ষতিকেই দোষাৰোপ কৰিছে ।

চিএমআইই-ৰ প্ৰতিবেদন অনুযায়ী গ্রামাঞ্চলত জুলাইত নিবনুৱাৰ হাৰ আছিল ৬.১ শতাংশ ।

আগষ্টত হৈছে ৭.৭ শতাংশ । লগতে গাঁৱত কর্মসংস্থাপন কমিছে । জুলাইত গ্রামীণ ভাৰতত কর্মসংস্থাপনৰ হাৰ আছিল ৩৭.৬ শতাংশ, আগষ্টত কমি ৩৭.৩ শতাংশ হৈছে । এই প্রসংগত ব্যাসে জনাইছে, চলিত বছৰত বৃষ্টিপাতৰ এটা সমস্যা দেখা দিছে. ক’ৰবাত প্রবল বৃষ্টিপাত হৈছে আৰু ক’ৰবাত প্রয়োজনতকৈ বহু কম বৃষ্টিপাত হৈছে ।

ইয়াৰ ফলত কৃষিৰ ব্যাপক ক্ষতি হৈছে । সেয়ে গ্রামীণ ভাৰতত কর্মসংস্থাপন কমিছে আৰু নিবনুৱা বৃদ্ধি পাইছে ।

অৱশ্যে আগন্তুক মাহবোৰত গাঁৱত নিবনুৱাৰ হাৰ কমিব পাৰে বুলি তেওঁ আশাপ্রকাশ কৰিছে । তেওঁ কয়, বিলম্বিত বৰষাৰ ফলত একাধিক স্থানত নতুনকৈ বৃষ্টিপাত আৰম্ভ হৈছে । যাৰ ফলত নতুনকৈ কৃষিৰ কাম বৃদ্ধি পাব । বহু পৰিমাণে পৰিস্থিতি উন্নত হ’ব । অৱশ্যে চহৰৰ নিবনুৱাৰ হাৰ বৃদ্ধি পাব, নে হ্রাস পাব সেয়া এতিয়াও স্পষ্ট নহয় বুলি তেওঁ ধাৰণা কৰিছে । ইয়াৰ বাবে আৰু কিছু সময়ৰ প্রয়োজন বুলি তেওঁ জনাইছে ।

Exit mobile version