মেহেঙ্গাই পৰ হাল্লা ব’ল ৰেলীৰে দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছৰ বিশাল জনসভা

FEATURE Congress Hall Bol Rally Ramlila Maidan Sumit Kumar

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, বৰ্ধিত নিবনুৱা সমস্যা, জিএছটি আদি প্ৰসংগৰ আঁত ধৰি আজি দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছৰ এক বিশাল জনসভা অনুষ্ঠিত হয় । “মেহেঙ্গাই পৰ হাল্লা ব’ল” শীৰ্ষক ৰেলীৰে আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীক পোনপটীয়াকৈ “মই আপোনাৰ ইডিক ভয় নকৰো” বুলি হুংকাৰ দিয়ে ।

ইয়াৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, দৈনিক বৃদ্ধি হোৱা নিবনুৱা সমস্যা, জিএছটি বৃদ্ধি আদি প্ৰসংগেৰে বিজেপি ব্যৰ্থতাক চৰম সমালোচনা কৰে ।

উল্লেখযোগ্য যে, আজি এই সভাতে যুৱ নেতাজনে সংবাদ মাধ্যম আৰু দুজন নিৰ্দিষ্ট উদ্যোগপতিৰ সমৰ্থন অবিহনে মোডী প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে বুলিও কটাক্ষ কৰে । পৰৱৰ্তী লোকসভা নিৰ্বাচনত সকলো বিৰোধী দল একত্ৰিত হৈ বিজেপি-আৰ এছ এছক পৰাজিত কৰিব বুলি হুংকাৰ প্ৰদান কৰে ।

দেশৰ এনে সংকটৰ সময়ত কেৱল কংগ্ৰেছ দলেহে দেশক উদ্ধাৰ কৰিব পাৰে বুলি মন্তব্য কৰে । ইফালে হেজাৰ-হেজাৰ কংগ্ৰেছকৰ্মী সমবেত হোৱা এই বিশাল জনসভাত কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী উপস্থিত নাছিল । বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, সম্প্ৰতি দুয়ো দেশৰ বাহিৰত আছে ।

Exit mobile version