সাংস্কৃতিক ক্ষেত্ৰত অধিক গুৰত্ব বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

১০ লাখ টকা অনুমোদনেৰে সেৰফানগুৰীত নিৰ্মিত দৈমু সংগীত একাডেমি উদ্বোধন

WhatsApp Image 2022 09 04 at 18.57.38

কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে সমষ্টিৰ বিভিন্ন দিশত উন্নয়ন কৰাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰতো অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে । বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে বিধায়ক পুঁজিৰ উপৰিও অসম চৰকাৰৰ অইন অইন পুঁজিও অসম চৰকাৰৰ পৰা মঞ্জুৰি কৰি আনি সমষ্টিৰ ব্যাপক উন্নয়নৰ কাম আৰম্ভ কৰিছে । ঠিক তেনেদৰে সাংস্কৃতিক ক্ষেত্ৰখনৰ উন্নয়ন আনিবলৈ কোকৰাঝাৰ জিলাৰ সেৰফানগুৰীত বিধায়ক নাৰ্জাৰীয়ে সাংস্কৃতিক ক্ষেত্ৰত উন্নয়ন আনিবলৈ ১০ লাখ টকা অনুমোদন দি দৈমু সংগীত একাডেমি নামৰ এক একাডেমি নিৰ্মাণ কৰি দিয়ে ।

উক্ত সংগীত একাডেমিৰ আজি ফিটা কাটি উদ্বোধন কৰে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক নাৰ্জাৰীয়ে । আজিৰ উদ্বোধনী অনুষ্ঠানত সেৰফানগুৰী অঞ্চলৰ বিশিষ্ট বুদ্ধিজীৱি জনক লাল ব্ৰহ্মৰ লগতে বিপিএফ দলীয় কৰ্মী সকলো উপস্থিত থাকে । সংগীত একাডেমিৰ উদ্বোধন কৰি সংবাদিকৰ সাক্ষাৎকাৰত বিধায়ক নাৰ্জাৰীয়ে কয়, ‘অসম চৰকাৰৰ কেবিনেট কোকৰাঝাৰত অনুষ্ঠিত কৰাৰ যি সিদ্ধান্ত লৈছে ইয়াক মই স্বাগতম জনাইছো । মন্ত্ৰী পৰিসদক মই নিজে আদৰাৰ বাবেও প্ৰস্তুত হৈ থাকিম ।’

লগতে কয় যে কোকৰাঝাৰত অনুষ্ঠিত কেবিনেটৰ দ্বাৰা বিটিচি অঞ্চলৰ বহুতো উন্নয়ন হ’ব । ইয়াৰ দ্বাৰায় বিটিআৰ চুক্তিৰ সাক্ষৰকাৰী এনডিএফবিৰ সমস্যাও সমাধান কৰিব বুলিও উল্লেখ কৰে । ইয়াৰ উপৰি কয় যে বিটিআৰ চুক্তিৰ ৬:৩ দফাৰ আধাৰত অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণৰ ব্যৱস্থা ল’বলৈ বিটিআৰ চৰকাৰলৈ আহ্বান জনায় বিধায়কজনে । উক্ত অনুষ্ঠানত সংগীত একাডেমিৰ শিক্ষাৰ্থীৰ লগতে প্ৰশিক্ষক সকলো বিভিন্ন ধৰণৰ নৃত্য-গীত আদি প্ৰদৰ্শন কৰে ।

Exit mobile version