COVID-19 : ক’ভিড আপডেট

corona test 2 1656128331

দেশজুৰি তিনি দিন ক’ভিড দৈনিক সংক্রমিতৰ সংখ্যা সাত হেজাৰৰ তলত আছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৬,৮০৪ । শনিবাৰে এই সংখ্যা আছিল ৭,২১৯ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ তালিকাত শীর্ষত এতিয়াও কেৰালা । বিগত ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ১,৪১৬ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (১,২৭২), কর্নাটক (৯৪১), তামিলনাডু (৪৭৩) আৰু ৰাজস্থান (২৬৫) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ২৬ জনৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত বিগত ২৪ ঘণ্টাত কেৰালাত পাঁচজন, মহাৰাষ্ট্রত চাৰিজন, ৰাজধানীত তিনিজন কৰ’নাত আক্রান্ত হৈ মৃত্যু হৈছে ।

তদুপৰি নগালেণ্ড, পঞ্জাৱ, গুজৰাট আৰু পশ্চিমবংগত দুজন আৰু কর্নাটক, উত্তৰ প্রদেশ, ওড়িছা, ছত্তীছগঢ়, হাৰিয়ানা আৰু ছিকিমত এজনকৈ লোকৰ মৃত্যু হৈছে । শনিবাৰে এই সংখ্যা আছিল ৩৩ ।

দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৫৫৭ জন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ সামান্য বাঢ়ি হ’ল ২.১২ শতাংশ । শনিবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ১.৯৮ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৮,৪১৪ জন সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৮ লাখ ৭৩ হেজাৰ ৪৩০ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৬৯ শতাংশ ।

Exit mobile version