Cyrus Mistry : মুম্বাইৰ পালঘৰৰ কাষত ভয়াৱহ পথ দুর্ঘটনাত মৃত্যু টাটা ছন্সৰ প্রাক্তন প্ৰধান চাইৰাছ মিস্ত্রিৰ

cyrusaccident 0

পথ দুর্ঘটনাত মৃত্যু টাটা ছন্সৰ প্রাক্তন প্ৰধান চাইৰাছ মিস্ত্রিৰ । মহাৰাষ্ট্ৰৰ পালঘৰৰ কাষত দেওবাৰে গাড়ী দুর্ঘটনাত মৃত্যু হৈছে বুলি আৰক্ষী সূত্রে খবৰ । তথ্য অনুসৰি, চাইৰাছৰ গাড়ী ডিভাইডাৰত খুন্দা মাৰে ।

আৰক্ষী সূত্রে খবৰ, দেওবাৰে বিয়লি আহমদাবাদৰ পৰা মুম্বাইলৈ মাৰ্চিডিজত উভতি আহিছিল চাইৰাছ । পালঘৰৰ কাষত দুই বাজি ৪৫ মিনিটত সূর্য নদীৰ সেতুত এই দুর্ঘটনা সংঘটিত হয় ।

প্রাথমিকভাৱে আৰক্ষীয়ে এইটো এক দুর্ঘটনা বুলি অনুমান কৰিছে । চাইৰাছৰ স’তে গাড়ীত আৰু দুজন আছিল । তেওঁলোকক উদ্ধাৰ কৰি গুজৰাটৰ এখন হাস্পাতালত ভর্তি কৰোৱা হৈছে ।

২০০৬ত টাটা ছন্স ব’র্ডৰ পৰা তেওঁৰ পিতৃ পাল’নজি মিস্ত্রিৰ অৱসৰৰ পাছত চাইৰাছে টাটা ব’র্ডত যোগ দিয়ে ।

Exit mobile version