Pakora : সদ্যোজাতৰ নাম ‘পক’ৰা’ ! ভাৰতৰ জনপ্রিয় খাদ্যৰ নামত কন্যাৰ নামকৰণ কৰিলে ব্রিটিশ দম্পতিয়ে

Collage Maker 04 Sep 2022 01.47 PM 770x435 1

পক’ৰা ! ভাৰতৰ অন্যতম জনপ্রিয় খাদ্য । কিন্তু সেইটোও যে কাৰোবাৰ নাম হ’ব পাৰে, এইটো কল্পনাও কৰিব নোৱাৰি । অৱশ্যে এহাল ব্রিটিশ দম্পতিয়ে এই ভাৰতীয় খাদ্যৰ প্রেমত পৰি নিজৰ সদ্যোজাতৰ নাম ৰাখিছে ‘পক’ৰা’ !

শুনি আচৰিত যেন লাগিলেও, সদ্যোজাত পক’ৰাক লৈ সামাজিক মাধ্যমত হৈ চৈৰ সৃষ্টি হৈছে । বিদেশীসকলৰ অনেককেই ভাৰতীয় নামত অনুপ্রাণিত হৈ নিজৰ সন্তানৰ নাম ৰখা দেখা গৈছে । কিন্তু কোনো ভাৰতীয় খাদ্যৰ নামত সন্তানৰ নামকৰণ কৰা পূৰ্বে শুনা নাই ।

আয়াৰলেণ্ডৰ নিউটাউন‌এবেত এটা ৰেস্তোৰাঁ আছে । সেই ৰেস্তোৰাঁত এই ব্রিটিশ দম্পতি প্রায়েই যায় । তাত আহ-যাহ কৰোতেই তেওঁলোকৰ মনত আহে সদ্যোজাতৰ নাম কোনো খাদ্যৰ নামত ৰখা হ’ব । এই ৰেস্তোৰাঁত দম্পতিৰ প্রিয় খাদ্যৰ ভিতৰত এবিধ আছিল পক’ৰা । এই নামৰেই অনুপ্রাণিত হয় তেওঁলোক আৰু আগ-পিছ নভবাকেই সদ্যোজাত কন্যাসন্তানৰ নাম ৰাখে পক’ৰা ।

আয়াৰলেণ্ডৰ এই ৰেস্তোৰাঁ বিলৰ এটা ছবি শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত । তাত লিখা আছে, ‘মোৰ পত্নীয়ে আমাৰ সদ্যোজাত কন্যাৰ নাম ৰাখিছে পক’ৰা । এই ৰেস্তোৰাঁত পত্নীৰ আটাইতকৈ প্রিয় পদ পক’ৰা ।’ মানৱ পক’ৰাই জন্ম হয় ২৪ আগষ্টত । ছবিত শিশুটিৰ জন্মৰ তাৰিখ আৰু ওজনো দিয়া হৈছে ।

ৰেস্তোৰাঁৰ তৰফৰ পৰা পক’ৰাক উদ্দেশ্য কৰি লেখিছে, ‘পৃথিৱীলৈ স্বাগতম পক’ৰা । তোমাক লগ পোৱাৰ অপেক্ষাত আছো ।’ সদ্যোজাতৰ নাম পক’ৰা — এই বিষয়টো সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতেই অনেকেই আমোদজনক মন্তব্য কৰিছে ।

Exit mobile version