আত্মনিৰ্ভৰ ভাৰত আৰু তাৰ বাবে আত্মনিৰ্ভৰ অসম গঢ়াৰ শ্ল’গান ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি গঢ়াৰ মূল আধাৰবোৰত ব্যৰ্থ হৈছে । কৃষি ভিত্তিক অৰ্থনীতিৰ ওপৰত প্ৰধানকৈ নিৰ্ভৰশীল অসমত মাছ-মাংস-কণী উৎপাদনৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে । এই তিনিওটা শিতানত অসম আত্মনিৰ্ভৰশীল হ’ব পাৰে বুলি প্ৰতিখন চৰকাৰে কৈ আহিছে । তাৰ বাবে বিভিন্ন আঁচনিও গ্ৰহণ কৰিছে; অথচ ইয়াত অসমক আত্মনিৰ্ভৰ কৰাৰ বাস্তৱ প্ৰক্ৰিয়াটো তাতেই সীমাবদ্ধ হৈ ৰৈছে । তাৰেই পৰিণতিত অসমত যোৱা এটা দশকত মাছ-মাংস আৰু কণীৰ উৎপাদন মাত্ৰ তিনি শতাংশহে বৃদ্ধি হৈছে ।
ইয়াৰ ফলত বছৰি গড়ে ১৭শ কোটি টকা অসমৰ পৰা বহিঃৰাজ্যলৈ ওলাই গৈছে । মাছৰ উৎপাদন এই সময়ছোৱাত ‘সন্তোষজনক’ভাৱে বৃদ্ধি হোৱা বুলি চৰকাৰ তথা মীন বিভাগে দাবী কৰি আহিছে । তাৰ পাছতো প্ৰতিদিনে ৰেল, ট্ৰাক আৰু সৰু বাহনেৰে পশ্চিমবংগ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ আদি ৰাজ্যৰ পৰা মাছৰ আমদানি অব্যাহত আছে । চালানী মাছৰ বজাৰখন সেই কাৰণে সংকুচিত হোৱা নাই ।
চৰকাৰৰ পশুপালন বিভাগৰ তথ্য অনুসৰি, ২০১১-১২ত অসমত উৎপাদিত কণীৰ পৰিমাণ আছিল ৪৮.৭ কোটি । সেই সংখ্যা এটা দশকৰ অন্তত ৫২.৪ কোটিলৈ বৃদ্ধি হয় । ইয়াৰ বিপৰীতে ৰাজ্যত বছৰি কণীৰ চাহিদা হ’ল ৫৬০ কোটি । এটা দশক পূৰ্বে অৰ্থাৎ ২০১১-১২ত অসমত উৎপাদিত মাংসৰ পৰিমাণ আছিল তিনি কোটি ৪০ লাখ কিলোগ্ৰাম । এটা দশক পাছত উৎপাদন বৃদ্ধি হয় পাঁচ কোটি ২৯ লাখ ৬৩ হেজাৰ ৫১১ কিলোগ্ৰামলৈ ।
ইয়াৰ বিপৰীতে বছৰি চাহিদাৰ পৰিমাণ হ’ল ৩৩.৭০ কোটি কিলোগ্ৰাম । একেদৰে অসমত বছৰি মাছৰ চাহিদাৰ পৰিমাণ হ’ল চাৰি লাখ মেট্ৰিক টন । ইয়াৰ বিপৰীতে চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনে উৎপাদন কৰি থকা মাছৰ পৰিমাণ হ’ল ৩.৯৩ লাখ মেট্ৰিক টন । ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছৰ দৰে চৰকাৰৰ অভিলাষী আঁচনিয়েও চাহিদা পূৰণত ব্যৰ্থ হৈছে ।
ইপিনে, প্ৰতিটো ক্ষেত্ৰতে বৃদ্ধি হৈছে চাহিদাৰ পৰিমাণ । ফলত নিজৰ উৎপাদনৰ পৰিমাণ চাহিদাৰ মাজৰ ব্যৱধান ক্ৰমে বাঢ়িছে । বিভাগীয় সূত্ৰ অনুসৰি অসমত উৎপাদনৰ বেছি অংশ অসংগঠিত খণ্ডত হৈ আহিছে । ফলত উৎপাদকসকলৰ বহুতেই আধুনিক ব্যৱস্থাৰ লগত সম্পৰ্কিত নহয় । বহু সময়ত চৰকাৰী আঁচনিয়েও তেওঁলোকক ঢুকি নাপায় ।