কাৰ্বি পাহাৰৰ বক্ষ বিদাৰি উলিয়াই নিয়া হ’ব মূল্যবান পাথৰ

অবৈধভাৱে চলি থকা খনন কাৰ্যক বৈধতা প্ৰদানৰ কুচকাৱাজ

খনিজাত সামগ্ৰীৰে সমৃদ্ধ কাৰ্বি আংলঙৰ পাহাৰসমূহত দীৰ্ঘদিনৰ পৰা চলি অহা অবৈধ খনন আৰু ব্যৱসায়ক বৈধতা প্ৰদানৰ সেউজ সংকেতে পৰোক্ষভাৱে উৎসাহিত কৰি তুলিছে কাৰ্বি আংলঙৰ প্ৰাকৃতিক সম্পদৰ ওপৰত লোলুপ দৃষ্টি থকা সংশ্লিষ্ট ব্যৱসায়ীসকলক ৷ আনহাতে, চৰকাৰী এই বৈধতাই কাৰ্বি পাহাৰৰ জৈৱ বৈচিত্ৰ্যতাত প্ৰতিকুল প্ৰভাৱ পেলোৱাৰ শংকা কৰিছে প্ৰকৃতিপ্ৰেমীসকলে ৷

কাৰ্বি আংলঙৰ পাহাৰসমূহত কয়লা, চুণশিল, গ্ৰেণাইড আদিৰ উপৰিও মল্যবান কোৱাৰ্টাইজ, মেংগানীজ, চিনিক’নাইট আদি পাথৰ প্ৰচুৰভাৱে উপলব্ধ ৷ দুৰ্গম পাহাৰীয়া অঞ্চলৰ সুবিধা লৈ ইতিমধ্যে বহু পাহাৰত অবৈধ খনন কৰি দীৰ্ঘদিনৰ পৰা চোৰাং চক্ৰই পাহাৰ ধ্বংস অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে যোৱা দুই ছেপ্টেম্বৰত ডিফুত অসম চৰকাৰৰ খনি আৰু খনিজাত সামগ্ৰীৰ উন্নয়ন নিগম আৰু কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মাজত এক বুজাবুজি চুক্তিৰ স্বাক্ষৰ সম্পন্ন হয় ৷ এই চুক্তি অনুসৰি কাৰ্বি আংলঙৰ খনিজাত সামগ্ৰীসমূহৰ খননত অনুমতি দি ইয়াৰ পৰা সংগ্ৰহ হোৱা ৰাজহৰ ৬০ শতাংশ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে ৪০ শতাংশ ৰাজ্য চৰকাৰে লাভ কৰিব ৷

কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে বনাঞ্চল ধ্বংস নোহোৱাকৈ এই খনন কাৰ্য চলোৱা হ’ব আৰু তাৰ পৰা সংগৃহীত ৰাজহে জিলাখনৰ দ্ৰুত উন্নয়ন সম্ভৱ হব ৷ খুব সোনকালেই মুখ্যকাৰ্যবাহী সদস্যগৰাকীয়ে এই খনন কাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কথা ৷ কিন্তু খননকাৰ্য উদ্বোধনৰ পূৰ্বেই কয়লামাটিৰ পাহাৰৰ বে’ গাঁৱৰ ব্লক তিনিত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে পাঁচ বছৰৰ বাবে খননৰ অনুমতি প্ৰদান কৰিছে ডেভিদ ফাংছ’ নামৰ এজন লোকক ৷ এই অনুমতিৰ গইনা লৈয়ে কয়লা ব্যৱসায়ী দ্বীপ শইকীয়াৰ নেতৃত্বত ব্লক তিনিৰ উপৰিও কাষৰ অন্যান্য অঞ্চল সমূহতো নিৰ্বিচাৰে চলাই গৈছে খনন কাৰ্য ৷ এই সমগ্ৰ পাহাৰীয়া অঞ্চলটোত আন্তৰাষ্ট্ৰীয় বজাৰত অত্যাধিক চাহিদা থকা মেংগানিজ, কোৱাৰ্টাইজ, চিনিক’নাইট আদিৰ দৰে মূল্যবান পাথৰ ৷

উল্লেখযোগ্য যে ব্যৱসায়ীসকলৰ এনে দৌৰাত্মই যে পৰৱৰ্তী সময়ত চৰকাৰী পৃষ্ঠপোষকতাৰ আলম লৈ কাৰ্বি পাহাৰত লুণ্ঠন চলাবলৈ লোলুপ ব্যৱসায়ীসকল জপিয়াই পৰি সেউজ কাৰ্বি পাহাৰ মৰুভূমিত পৰিণত কৰিব তাৰ ইংগিত পোৱা গৈছে ৷

Exit mobile version