শিক্ষক দিৱসৰ দিনাই সংঘটিত হ’ল মৰ্মান্তিক ঘটনা

বিদ্যুৎস্পৃষ্ট হৈ প্রাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰি সদস্য‌ই

হাইলাকান্দি জিলাৰ কাটলিছৰাত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে । বিদ্যুৎস্পৃষ্ট হৈ প্রাণ হেৰুৱালে একেই পৰিয়ালৰ চাৰিজন সদস্য‌ই ।

ঘটনাটো সংঘটিত হৈছে দেওবাৰে সন্ধিয়া ছয় বজাত কাটলিছৰাৰ ধলছয়া বিলাইপুৰ জিপিত । মৃতসকল হৈছে ধলছৰা বিলাইপুৰ জিপিৰ ছুফিয়ান আহমেদ শেখ (৪০), হুছনাৰা বেগম শেখ (৩০), ৰাজিবুল হুছেইন শেখ (৪), জাহিদ হুছেইন শেখ (২৩) ।

প্ৰাপ্ত তথ্য অনুসৰি, বিদ্যুতৰ তাঁৰ ছিঙি এই মর্মান্তিক ঘটনাটো সংঘটিত হয় । বিদ্যুৎ তাঁৰ গছৰ ডালৰ স’তে বন্ধা আছিল । ডাল ভাঙি পৰাৰ বাবে মাটিত বিদ্যুতৰ কেবলটো পৰি যায় । কেবলটো ফাটি যোৱা অংশত চাৰি বছৰৰ শিশুটি বিদ্যুৎস্পৃষ্ট হোৱাত তাক বচাবলৈ গৈ এজনৰ পাছত এজনকৈ পিতৃ-মাতৃসহ সম্পর্কিত ভাতৃ তিনজনৰো মৃত্যু ঘটে । এই মর্মান্তিক ঘটনাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ।

ইপিনে, বিদ্যুৎস্পৃষ্ট হৈ মর্মান্তিক মৃত্যুৰ ঘটনাত সোমবাৰে তীব্র প্রতিক্রিয়া ব্যক্ত কৰে ৰাইজৰ দলৰ নেতা জহিৰ উদ্দিন লস্কৰে । চৰকাৰৰ বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ চাৰিজনৰ মৃত্যু হৈছে বুলি অভিযোগ উত্থাপন কৰি মৃতৰ পৰিয়ালক পাঁচ লাখ টকাকৈ তেওঁ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ।

বিভাগীয় গাফিলতিৰ বাবে এই ধৰণৰ ঘটনা প্ৰায়েই জিলাখনত সংঘটিত হয় । তেওঁ জিলাপ্ৰশাসকৰ দৃষ্টি আকর্ষণ কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ।

Exit mobile version