শিল্পী-অভিনেতা-নাট্যকৰ্মীক ইএছআই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰিবৰ বাবে অসম নাট্য সন্মিলনৰ যুগান্তকাৰী পদক্ষেপ

unnamed

১৯৫৭ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নেতৃত্বত গঠিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা লোকসংস্কৃতিৰ উত্তৰণৰ গতি ত্বৰান্বিত কৰি ৰখা জাতীয় সংগঠন অসম নাট্য সন্মিলনে পাঁচশ বছৰ গৰকা ঐতিহ্যমণ্ডিত অসমৰ নাট্য আন্দোলনৰ ধাৰাটোক অধিক শক্তিশালী আৰু সংগঠিত ৰূপত আগুৱাই নিবলৈ বিভিন্ন ধৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে । অসমৰ নাট্য জগতৰ লগত জড়িত নাট্যকাৰ, অভিনেতা, গায়ক-গায়িকা আৰু অন্যান্য কলা-কুশলী আৰু তেওঁলোকৰ পৰিয়াল বৰ্গই চিকিৎসা তথা স্বাস্থ্য সম্পৰ্কীয় সা-সুবিধাৰ পৰা আজিও বঞ্চিত হৈ আছে । এনে নাট্যকৰ্মীসকল এই ধৰণৰ চৰকাৰী সা-সুবিধাৰ পৰা যাতে বঞ্চিত হ’বলগীয়া নহয় তাৰ বাবে এক দৃঢ় পদক্ষেপ ল’বলৈ আগবাঢ়িছে ।

এই সন্দৰ্ভত অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয় আৰু কাৰ্যনিৰ্বাহক সদস্য যুগান্ত বায়নে জনোৱা মতে অসমৰ ভাওনাকে ধৰি অন্যান্য অপেছাদাৰী নাট্য গোষ্ঠীৰ শিল্পী কলা-কুশলীৰ লগতে অসমৰ সাংস্কৃতিক জগতৰ এক অনন্য অৱদান ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী আৰু অন্যান্য কলা-কুশলীসকলেও উপযুক্ত মাধ্যমৰ অভাৱত আজিলৈ এনেধৰণৰ সা-সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই । এনে শিল্পীসকল জীৱনৰ শেষ ভাগত বেমাৰ আদিত আক্ৰান্ত হ’লে ধনৰ অভাৱত উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’ব লগা পৰিৱেশ আজি অসমৰ চুকে-কোণে বিদ্যমান । প্ৰয়োজনীয় আৰ্থিক নিৰাপত্তাৰ অবিহনে আমাৰ মাজৰ পৰা কে’বাগৰাকীও সমান ধন্য শিল্পী তথা কলা-কুশলীয়ে আমাৰ মাজৰ পৰা বিদায় ল’বলগীয়া হৈছে ।

বিবৃতিটোত জনোৱা মতে, ২০০৯ৰ ২২ ছেপ্টেম্বৰত তদানীন্তন কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰীৰ অধ্যক্ষতাত হোৱা এখন সভাত উক্ত মন্ত্ৰণালয়ে নাট্য শিল্পৰ লগত জড়িত সকলো লোকৰ ভৱিষৎ জীৱনৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ই.এছ.আই আৰু ই. পি.এফ আঁচনিৰ অধীনত সামৰি লোৱাৰ এক সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছিল । ভাৰত চৰকাৰৰ পূৰ্ব সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত অসম নাট্য সন্মিলনে অসমৰ নাট্য শিল্পীৰ লগত জড়িত সকলো শ্ৰেণীৰ লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ ই.এছ.আই আঁচনিৰ অধীনত সামৰি লৈ চিকিৎসা সেৱাকে ধৰি আন আন সুবিধাসমূহ যাতে লাভ কৰিব পাৰে তাৰ কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে ।

যোৱা চাৰি ছেপ্টেম্বৰত গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘত অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই অসমৰ নাট্য আন্দোলনৰ লগত জড়িত শিল্পী, অভিনেতা-অভিনেত্ৰী, গায়ক-গায়িকা আৰু অন্যান্য কলা-কুশলীসকলক এই ক্ষেত্ৰত প্ৰয়োজনীয় তথ্যপাতি যোগান ধৰিবলৈ আহ্বান জনায় । সভাত উপস্থিত থকা গুৱাহাটী, ডিব্ৰুগড়, লক্ষীমপুৰ, শিৱসাগৰ, যোৰহাট, নগাঁও, তেজপুৰ, নলবাৰী, বৰপেটা আদি জিলাৰ প্ৰতিনিধিসকলে অসমত অপেছাদাৰী নাট্যদল, নাট্য গোষ্ঠী, নাট্যকৰ্মীসকলে এই বিষয়ত নাট্য সন্মিলনক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

স্মৰ্তব্য যে নাট্য সন্মিলনৰ সভাপতি তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে ইতিমধ্যে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰনালয়ৰ লগত প্ৰাথমিক আলোচনা সমাপ্ত কৰিছে । কাৰ্যনিৰ্বাহক সভাই প্ৰস্তাৱিত ৬১ সংখ্যক বৰপেটা ৰোড অধিৱেশন ২০২৩ চনৰ ১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰী লৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Exit mobile version