ধেমাজিত শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ আত্মহত্যা

105a9af2 012c 11ed b321 4ff06a2f93f5 1657835514018

মানৱ সম্পদ গঢ়োতা তথা শিক্ষাৰ কমাৰশাল বুলি সমাজত গণ্য কৰি আহিছে শিক্ষকসকলক । তেনে শিক্ষকৰ বাবে এটা দিন ‘শিক্ষক দিৱস’ । মহাপণ্ডিত ড’ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ স্মৃতিত পালন কৰি আহিছে শিক্ষক দিৱস । এই ক্ষেত্ৰত দেশৰ বিভিন্ন প্ৰান্তত শিক্ষাগুৰুক আদৰ-সন্মান জনোৱাৰ বিপৰীতে শিক্ষকে শিক্ষক দিৱসৰ দিনাই বাছি ল’লে আত্মহত্যাৰ পথ ।

দীৰ্ঘদিন ধৰি শিক্ষকতাত জড়িত থাকিও চৰকাৰী মৰ্যদা আৰু পাৰিশ্ৰমিক নোপোৱাৰ বেদনাতে ধেমাজিৰ ভেন্সাৰ স্কুলৰ শিক্ষকে এই চৰম পন্থা বাচি লৈছে । কিমান বোজা আৰু সন্মানৰ লাঘৱ হ’লে শিক্ষকেও কাপুৰুষৰ দৰে আত্মঘাতী পন্থা ল’ব পাৰে ইয়াৰ জল জল পট পট ঘটনা সংঘটিত হৈছে ধেমাজিত ।

শিক্ষক দিৱসৰ দিনাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সমষ্টিৰ বৰদলনি শিক্ষাখণ্ডৰ অধীনৰ ৫০৩ নং আউনীআটী কৈৱৰ্ত্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেন বনিয়াই(৫০) বাছি ল’লে আত্মহত্যাৰ পথ । বিনা বেতনেৰে দুকুৰি বছৰৰো অধিক শিক্ষাদান কৰি আহিছিল ৰাজেন বনিয়াই । শিক্ষকগৰাকীৰ আত্মহত্যাৰ ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পেলাইছে ।

প্ৰাপ্ত তথ্য অনুসৰি, ১৯৯১ত আউনীআটী কৈৱৰ্ত্ত মধ্য ইংৰাজী বিদ্যালয়খনৰ স্থাপনৰ কালৰ পৰাই ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আহিছিল ৰাজেন বনিয়াই । অৱশেষত ২০১৩ৰ শিক্ষা বিভাগৰ চামিলকৰণ নীতি অনুসৰি ৫০৩ নং আউনীআটী কৈৱৰ্ত্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ লগত চামিল হয় ।পৰিয়ালৰ লোকে দাবী কৰে যে পদ প্ৰাদেশিককৰণ প্ৰক্ৰিয়াত তেঁওৰ পদ অন্তৰ্ভুক্ত নোহোৱা বাবেই বহু দিন ধৰি হতাশাত ভুগি আছিল । এনে পৰিস্থিতিৰ মাজতে শিক্ষকগৰাকীয়ে এই চৰম সিদ্ধান্ত বাছি লয় বুলি সদৰী কৰে ।

মন কৰিবলগীয়া যে, আউনীআটী কৈৱৰ্ত্ত মধ্য ইংৰাজী বিদ্যালয়খনৰ স্থাপনৰ লগত জড়িত শিক্ষকগৰাকীৰ পদ প্ৰাদেশিকীকৰণত দ্বিতীয় স্থানত অন্তৰ্ভুক্ত হৈছিল । বিভাগীয় নীতি অনুসৰি পদ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াত লাগিছিল কেৰোন । জিলাৰ পৰা শিক্ষা সচিবালয়লৈ নাম যোৱা-নোযোৱাক লৈ তেওঁৰ শিক্ষকতা মৰ্যদাৰ যুঁজ লাগিছিল ।

অৱশেষত শিক্ষক দিৱসৰ দিনাই এই চৰম পন্থা বাছি লোৱাত হতভম্ব হৈছে পৰিয়ালৰ লোক । এই ক্ষেত্ৰত আউনীআটী গাঁৱৰ লগতে শিক্ষা সমাজত শোঁকৰ ছাঁ পৰিছে । ইতিমধ্যে বৰদলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উমেশ ৰামৰ নেতৃত্বত উক্ত ঠাইত উপস্থিত হৈ মৃত ৰাজেন বনিয়াৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে ।

এই ক্ষেত্ৰত ৰাইজৰ আহ্বান কোনো ভেন্সাৰ বিদ্যালয়ৰ শিক্ষকে যাতে বিদ্যালয় বা পদ প্ৰাদেশিকীকৰণৰ নামত আত্মহত্যাৰ দৰে পথ বাছি নলয় । লগতে ৰাজেন বনিয়াৰ পৰিয়ালৰ ভৱিষ্যতৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজসাহায্য আগবঢ়াবলৈ দাবী জনায় ।

Exit mobile version