COVID-19 : ক’ভিড আপডেট

covid test srinagar pti

দেশজুৰি কৰ’নাত দৈনিক সংক্রমণৰ লেখচিত্র নিম্নমুখী । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৫,৯১০ । দেওবাৰে এই সংখ্যা আছিল ৬,৮০৯ ।

কেৰালা আৰু মহাৰাষ্ট্রত দৈনিক সংক্রমিতৰ সংখ্যা এতিয়াও হেজাৰৰ ওপৰতেই আছে । বিগত ২৪ ঘণ্টাত কেৰালা আৰু মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা যথাক্রমে ১,৩০৬ ও ১,২০৫ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে কর্নাটক (৬০০), তামিলনাডু (৪৭০) আৰু ৰাজস্থান (২৮৪) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ১৬ জনৰ মৃত্যু হৈছে । বিগত ২৪ ঘণ্টাত কেৰালাত সাতজন, মহাৰাষ্ট্রত তিনিজন, কর্নাটকত দুজন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

তদুপৰি পশ্চিমবংগ, ওড়িছা, মণিপুৰ, জম্মু আৰু কাশ্মীৰত এজনকৈ লোকৰ মৃত্যু হৈছে । দেওবাৰে এই সংখ্যা আছিল ২৬ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৫৭৩ জন লোকে ক’ভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ সামান্য বাঢ়ি হ’ল ২.৬ শতাংশ । দেওবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ২.১২ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৭,০৩৪ জন লোক সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৮ লাখ ৮০ হেজাৰ ৪৬৪ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৬৯ শতাংশ ।

Exit mobile version