ৰাজনৈতিক দলৰ নাম আৰু প্রতীকত কোনো ধর্মীয় পৰিচয় থাকিব নোৱাৰিব, উচ্চতম ন্যায়ালয়

Supreme Court of India

ৰাজনীতি আৰু ধর্ম । দুয়োটা পৃথক কৰি ৰখাই উত্তম । যদিও সাম্প্রতিক অতীতত সকলোখিনিকে সাঙুৰি একাকাৰ কৰা হৈছে । ধর্ম আৰু ৰাজনীতিৰ এই ‘একত্ৰিকৰণ’ ভংগ কৰিবলৈ গোচৰ ৰুজু হ’ল উচ্চতম ন্যায়ালয়ত (Supreme Court) । কোনো ৰাজনৈতিক দলৰ নাম বা প্রতীকত কোনোধৰণৰ ধর্মীয় পৰিচয় ব্যৱহাৰ কৰা বন্ধ হ‌ওক, এই দাবীত গোচৰ দাখিল হৈছে শীর্ষ আদালতত । ইয়াৰ পৰিপ্রেক্ষিতত শীৰ্ষ ন্যায়ালয়ে পুনৰ কেন্দ্র আৰু নির্বাচন আয়োগৰ (Election Commission) মত জানিব বিচাৰিছে ।

কোনো ৰাজনৈতিক দলৰ নাম বা প্রতীকৰ মাধ্যমত কোনো ধর্মীয় পৰিচয় ব্যৱহাৰ কৰিলে, সেই ৰাজনৈতিক দলক নিষিদ্ধ ঘোষণা কৰা হ‌ওক । এই দাবীত গোচৰ ৰুজু কৰে উত্তৰ প্রদেশ ছিয়া ৱাকফ ব’র্ডৰ প্রাক্তন প্ৰধান ছৈয়দ ৱাছিম ৰিজভিয়ে (Wasim Rizvi) । বিজেপি ঘনিষ্ঠ এই নেতাই দাবী কৰিছে, বহু ৰাজনৈতিক দলৰ নাম আৰু প্রতীকত ধর্মৰ পৰিচয় ব্যৱহাৰ কৰি জনসাধাৰণক বিভ্রান্ত কৰিছে । যিটো ৰিপ্রেজেন্টেছন অৱ দ্য পিপল এক্টৰ ১২৩ নম্বৰ ধাৰাৰ বিৰোধী ।

গোচৰকাৰীৰ পক্ষত অধিবক্তা তথা বিজেপি (BJP) নেতা গৌৰৱ ভাটিয়াই দাবী কৰিছে,”দুটা স্বীকৃত ৰাজনৈতিক দল ‘দ্য ইণ্ডিয়ান মুছলিম লিগ’ আৰু ‘দ্য অল ইণ্ডিয়া মজলিছি ইত্তেহাদুল মুছলিমিন’এ (AIMIM) নামেৰেই মুছলিম ধর্মৰ পৰিচয় বহন কৰিছে । তদুপৰি কিছুমান ৰাজনৈতিক দলৰ প্রতীকতো ধর্মীয় নিচান ব্যৱহাৰ কৰা হৈছে ।” এই দলসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত । এই বৃহৎ দলসমূহৰ লগতে হিন্দু একতা পার্টী, খ্রিষ্টিয়ান ডেমক্রেটিক ফ্রন্ট বা সহজধাৰী শিখ পার্টীৰ দৰে দলো আছে এই তালিকাত ।

ইয়াৰ পাছতেই ন্যায়াধীশ এমআৰ শ্বাহ আৰু ন্যায়াধীশ কৃষ্ণমুৰাৰীৰ ডিভিছন বেঞ্চে এই বিষয়ত নির্বাচন কমিছন আৰু কেন্দ্রীয় চৰকাৰৰ মতামত জনাব বিচাৰিছে । অহা ১৮ অক্টোবৰত এই গোচৰৰ পৰৱর্তী শুনানি হ’ব । ইয়াৰ পূৰ্বে কেন্দ্র আৰু কমিছনে মতামত জনাব লাগিব ।

Exit mobile version