ৰাজপথৰ নাম পৰিৱৰ্তন কৰি কৰা হ’ব কৰ্তব্য পথ

ক্ষোভিত টিএমচি সাংসদ মহুৱা মৈত্ৰা

mahua moitra on rajpath kartavya path 1662437207774 1662437207975 1662437207975

ৰাজপথৰ নাম পৰিৱৰ্তন কৰাৰ বাবে ক্ষোভ তৃণমূল সাংসদ মহুৱা মৈত্ৰাৰ । সাংসদ মৈত্ৰাই প্ৰতিষ্ঠিত ৰাজপথৰ নাম পৰিৱৰ্তন কৰি ‘কৰ্তব্য পথ’ কৰাৰ কেন্দ্ৰৰ পৰিকল্পনাৰ কটাক্ষ কৰি টুইট কৰিছে । সাংসদগৰাকীয়ে টুইটত লিখিছে যে প্ৰধানমন্ত্ৰীৰ নতুন চৰকাৰী বাসভৱনৰ নাম ‘কিংকৰ্তব্যবিমূঢ় মঠ’ হ’ব বুলি তেওঁ আশাবাদী । ইয়াৰ অৰ্থ ‘বিবুধিত পৰা মঠ’ ।

ইণ্ডিয়া গেট চি-হেক্সাগনৰ নেতাজি সুভাষ চন্দ্ৰ বসুৰ মুৰ্তিৰ পৰা ৰাষ্ট্ৰপতি ভৱন পৰ্যন্ত এই পথ কৰ্তব্য পথৰ নামে পৰিচিত হ’ব । উল্লেখনীয় যে ইয়াক লণ্ডনৰ কিংছৱেৰ আৰ্হিত ডিজাইন কৰা হৈছিল ।

ব্ৰিটিছ শাসনকালত উক্ত ৰাজপথটো কিংছৱে নামে পৰিচিত আছিল । স্বাধীনতাৰ পাছত ইয়াক ৰাজপথ নামেৰে নামাকৰণ কৰা হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সাম্প্ৰতিক ভাষণত ব্ৰিটিছ চৰকাৰৰ মানসিকতাৰ ছবি দাঙি ধৰাত জোৰ দিছে । সম্প্ৰতি নৌবাহিনীৰ পতাকাখনকো নতুন ৰূপ দিয়া হৈছে, ইয়াত পূৰ্বে জৰ্জ ক্ৰছৰ চিহ্ন অংকিত আছিল ।

টিএমচি সাংসদগৰাকীয়ে টুইটত লিখিছে, “মোৰ বিশ্বাস যে তেওঁ ৰাজপথৰ নাম পৰিৱৰ্তন কৰি কৰ্তব্য পথ কৰিছে । ম‌ই আশাবাদী মে তেওঁ নতুন পিএম ভৱনৰ নাম পৰিৱৰ্তন কৰি কিংকৰ্তব্যবিমূঢ় ৰাখিব ।”

Exit mobile version