Cheetah : প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ জন্মদিনত মধ্যপ্রদেশৰ অৰণ্যত এৰিব আফ্রিকাৰ চিতা ! তীব্ৰ গতিত চলিছে প্রস্তুতি

narendra modi 1657088550

যোৱাবাৰ হৈছিল ‘সেৱা আৰু সমর্পণ অভিযান’ । এইবাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জন্মদিন পালন কৰিব মধ্যপ্রদেশৰ কুনো পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত আফ্রিকাৰ পৰা অনা পাঁচটা চিতা এৰি । মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে মঙলবাৰে এই কথা জনাইছে ।

শিৱৰাজে মঙলবাৰে কয়, ‘‘নামিবিয়াৰ ৰাজধানী উইণ্ডহকৰ পৰা প্রাথমিকভাৱে পাঁচটা চিতা ৰাজস্থানৰ জয়পুৰত অনা হৈছে । উইণ্ডহকৰ পৰা চিতাকেইটাক পথেৰে পালপুৰত অনা হ’ব । ১৭ ছেপ্টেম্বৰত চিতাকেইটাক মুক্ত প্রকৃতিত এৰাৰ কাৰ্যসূচী আছে । প্রধানমন্ত্রী এই কাৰ্যসূচীত উপস্থিত থাকিব । ওই ইতিমধ্যে কাৰ্যসূচীৰ প্রস্তুতি চূড়ান্ত পর্যায়ত ।’’

কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রণালয় সূত্রে খবৰ, দক্ষিণ আফ্রিকা অথবা নামিবিয়াৰ পৰা আগন্তুক পাঁচ বছৰ ধৰি কে’বাটাও পৰ্যায়ত ৫০টা চিতা ভাৰতত অনা হ’ব । ইয়াৰ ভিতৰত এক-তৃতীয়াংশ অল্পবয়স্ক চিতা । যাতে ইহঁতৰ পৰা ভাৰতত চিতাৰ পর্যাপ্ত বংশবৃদ্ধি ঘটে, তাৰ বাবেই অনা হৈছে । ইতিমধ্যে বন আৰু পৰিৱেশ মন্ত্রণালয় নিযুক্ত বন্যপ্রাণী বিশেষজ্ঞসকলৰ এটা কমিটীয়ে নামিবিয়ালৈ গৈ প্রথম পৰ্যায়ৰ চিতা বাছনিৰ কাৰ্য সমাপ্ত কৰিছে । এই সংক্রান্ত ‘এমঅ’ইউ’ স্বাক্ষৰ হৈছে । মধ্যপ্রদেশ বন দপ্তৰ সূত্রে খবৰ, প্রথমেই হাবিত নেৰি পাঁচটা চিতাক বেৰ দিয়া মুক্ত প্রান্তৰত এৰা হ’ব । যাতে সিহঁতে পৰিৱেশৰ স’তে খাপ খাব পাৰে, সেই উদ্দেশ্যেই এই ব্যৱস্থা কৰা হৈছে ।

১৯৪৭ত সৰগুজাৰ (বর্তমান ছত্তীছগঢ় ৰাজ্যত অৱস্থিত) ৰামানুজ প্রসাদ সিংহদেওৰ গুলিত মৃত্যু হৈছিল ভাৰতৰ শেষ তিনটা চিতাৰ । তাৰ পাঁচ বছৰ পাছত ১৯৫২ত ভাৰতত চিতা বিলুপ্ত হৈছে বুলি ঘোষণা কৰে তদানীন্তন কেন্দ্রীয় চৰকাৰে । মোদী চৰকাৰৰ দাবী, ভাৰতৰ অৰণ্যত লুপ্ত হৈ যোৱা চিতা ঘূৰাই অনাৰ উদ্দেশ্যেই এই পদক্ষেপ ।

যদিও কেন্দ্রৰ সেই দাবীকক লৈ ইতিমধ্যেই প্রশ্ন উত্থাপন কৰিছে বন্যপ্রাণ বিশেষজ্ঞসকলৰ একাংশ‌ই । তেওঁলোকৰ মন্তব্য, ভাৰতত চিতা আহিছে, কিন্তু কিবা ‘ঘূৰি আহিছে’ নে ? কাৰণ, প্রাচীন যুগৰ পৰাই পঞ্জাৱ, ৰাজপুতানা, উত্তৰ ভাৰত, মধ্যভাৰত, দাক্ষিণাত্য আৰু ওড়িছাত যি চিতাৰ বসতি আছিল এছীয় উপপ্রজাতিৰ (বিজ্ঞানসন্মত নাম ‘এচিন’নিক্স জুবেটাছ ভেনাটিকাছ’) । কিন্তু মোদী চৰকাৰে যি চিতা আনিব, সেয়া আফ্রিকাৰ উপপ্রজাতি (বিজ্ঞানসন্মত নাম ‘এচিন’নিক্স জুবেটাছ ভেনাটিকাছ’) । বিশ্বত এছীয় চিতাৰ এক মাত্র প্রাকৃতিক আবাস এতিয়া ইৰান । ‘পাৰ্ছিয়ান ৱাইল্ডলাইফ হেৰিটেজ ফাউণ্ডেছন’ আৰু ‘ইৰানিয়ান চিতা ছ’চাইটি’-ৰ সমীক্ষাত দাবী, সেই দেশৰ তুৰান সংৰক্ষিত অঞ্চলসহ কিছু অঞ্চলত এতিয়াও কিছু এছীয় চিতা আছে ।

মনমোহন সিঙৰ চৰকাৰৰ আমোলত ২০০৯ত ইৰানৰ পৰা এছীয় চিতা অনাৰ উদ্যোগ আৰম্ভ হৈছিল । এই বিষয়ত তেহৰানৰ প্রাথমিক সন্মতিও লাভ কৰিছিল । অৱশ্যে এছীয় চিতাৰ বিনিময়ত ভাৰতৰ পৰা এছীয় সিংহ বিচাৰিছিল ইৰানে । ভাৰতৰ দৰে ইৰানতো এছীয় সিংহৰ প্রাকৃতিক বাসভূমি আছিল । কিন্তু পাছত তাৰ পৰা ইহঁতৰ প্ৰজাতি বিলুপ্ত হৈ যায় ।

গুজৰাটৰ তৎকালীন মুখ্যমন্ত্রী নৰেন্দ্র মোদী সেই সময়ত গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা সিংহ অন্য দেশ আনকি, অন্য ৰাজ্যতো প্ৰেৰণ কৰাত সন্মত নহয় । ফলত সেই পৰিকল্পনা বাতিল হৈ যায় ।

Exit mobile version